গৌৰীপুৰত ৰকিবুল হুছেইনৰ বিশাল নিৰ্বাচনী সভা...

সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়িকা শিবামণি বৰাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে সাংসদ ৰকিবুল হুছেইনে। লগতে পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ ফলাফল যথেষ্ট ভাল হব বুলি দাবী কৰে সাংসদ গৰাকীয়ে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
oooooooooooooouo

ডিজিটেল সংবাদ,গৌৰীপুৰঃ   প্ৰতিকূল বতৰকো নেওচি ধুবুৰী গৌৰীপুৰৰ খাগৰাবাৰীত কংগ্ৰেছৰ বিশাল পঞ্চায়ত নিৰ্বাচনী সভাত অংশ লয় সাংসদ ৰকিবুল হুছেইনে। গৌৰীপুৰ বিধানসভাৰ ১৫নং ৰূপচী জিলা পৰিষদৰ সদস্যা পদৰ কংগ্ৰেছৰ প্ৰাৰ্থী মঞ্জিলা বিবিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়াৰ লগতে বহু শীৰ্ষ নেতৃত্ব। 

Advertisment

উক্ত সভাতে সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়িকা শিবামণি বৰাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে সাংসদ ৰকিবুল হুছেইনে। লগতে পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ ফলাফল যথেষ্ট ভাল হব বুলি দাবী কৰে সাংসদ গৰাকীয়ে।

অনুষ্ঠানখনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধেও সৰৱ হৈ পৰে সাংসদ ৰকিবুল হুছেইন। তেওঁ কয় যে, সকলো জাতি-জনগোষ্ঠীয় লোকক মন্ত্ৰীত্ব দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে হিমন্ত চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষক অভিযোগ দিয়া লগতে মুখ্যমন্ত্ৰী শৰ্মাক গৃহ বিভাগৰ পৰা পদত্যাগ কৰাৰো দাবী উত্থাপিত কৰে সাংসদ গৰাকীয়ে।

ৰকিবুল হুছেইন