ধুবুৰীৰ আঠানিত আটক গৰু চোৰ...

ৰাইজে চোৰ দুটাক উত্তম মাধ্যম সোধাই  গতাই দিয়ে আঠানি আৰক্ষীক। ইপিনে আঠানি আৰক্ষীয়ে চোৰ দুটাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰৱ। এইবাৰ ধুবুৰীৰ আঠানিৰ দালানেৰ আলগাত গৰু চোৰৰ বিলৈ।গৰু চোৰ কৰি ৰাইজৰ ৰোষত দুটা গৰু চোৰ। চোৰ দুটা থুৰীয়া পাহাৰৰ জহিৰুল আৰু বাৰেক বুলি জানিব পৰা গৈছে। 

চোৰ দুটাই তিনিটা গৰু চোৰ কৰিছিল পৰ্বতঝোৰাৰ পুৰাণ পানবাৰীৰ পৰা। চোৰাং গৰু তিনিটা সৰবৰাহৰ কৰতে দালানেৰ আলগাত আটক কৰে ৰাইজে।ইপিনে ৰাইজে চোৰ দুটাক উত্তম মাধ্যম সোধাই  গতাই দিয়ে আঠানি আৰক্ষীক। আঠানি আৰক্ষীয়ে চোৰ দুটাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

গৌৰীপুৰ