/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3bf67098-c8d6-4883-ad98-c95fab4da896/3.jpg)
ডিজিটেল সংবাদ,ধুবুৰী: শুকুৰবাৰে বিয়লি গৌৰীপুৰৰ তেলীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ডাম্পাৰে মহতিয়াই নিলে এজন বাইক চালকক ৷ সংকটজনক অৱস্থাত চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় বাইক চালক জনক।অ'ভাৰলোড বালি ভৰ্তি ডাম্পাৰৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় বাইক চালকজন। আহত যুৱক জনৰ ঘৰ সাপটগ্ৰামত বুলি জানিব পৰা গৈছে।
সাপটগ্ৰামৰ পৰা গৌৰীপুৰ অভিমূখে আহি থকা অৱস্থাত তেলীপাৰাৰ পে'ট্রল পাম্পৰ সন্মুখত এখন অ'ভাৰলোড ডাম্পাৰে মহতিয়াই নিয়ে বাইক চালক জনক।দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ হৈছে এএছ ১৬ চি ৬৯৪৬।
আনপিনে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা মটৰ চাইকেল খনৰ নম্বৰ হৈছে এএছ ১৬ জে ৮৪৯০। গুৰুতৰ ভাৱে আহত বাইক চালক জনক সংকটজনক অৱস্থাত তেলিপাৰা গাঁৱৰ স্থানীয় ৰাইজে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষীৰ এটি দল আহি তদন্ত অব্যাহত ৰাখিছে।
Also Read: নৱাগত নেতা-কর্মীক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান অখিল গগৈৰ