/asomiyapratidin/media/media_files/2025/02/16/ShosbR41njj0I5T77FfJ.jpg)
এলিজাবেথ
ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হ'ব অসম চৰকাৰৰ কেবিনেটৰ বৈঠক। অন্য দিনৰ কেবিনেটৰ বৈঠকতকৈ এই বৈঠকখনক লৈ অসমবাসীৰ মাজত অধিক উৎকন্ঠা দেখিবলৈ পোৱা গৈছে। কিয়নো বিগত দিনকেইটাত চৰ্চাৰ শীৰ্ষত থকা গৌৰৱ গগৈৰ পত্নীক লৈ এক বিশেষ সিদ্ধান্ত এই কেবিনেটত গ্ৰহণ কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ কৰা প্ৰয়োজন যে, গৌৰৱ গগৈৰ পত্নীৰ সৈতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ লিংক থকা বুলি বিজেপি তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰি আহিছে। গৌৰৱ গগৈয়েও ইয়াৰ প্ৰত্যুত্তৰ দিছে। কিন্তু অৱশেষত এই বিষয়টো অধিক গুৰুতৰ হৈ পৰিছে।
মুখ্যমন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত দিয়া তথ্য অনুসৰি, গৌৰৱ গগৈৰ পত্নীৰ আই এছ আই লিংক সংক্ৰান্তীয় বিষয়টোৰ তদন্তৰ বাবে এছ আই টি গঠনৰ দৰে সিদ্ধান্ত লোৱাৰ অৱকাশ আছে। কিয়নো এইটো দেশৰ বিৰুদ্ধে চলি থকা এক গভীৰ ষড়যন্ত্ৰ। গৌৰৱ গগৈৰ পত্নীৰ সকলো নথি-পত্ৰ পৰীক্ষা কৰিব লাগিব। সেয়েহে এটা প্ৰক্ৰিয়াৰ মাজেৰে এই সকলোখিনি কৰিবলৈ কেবিনেটত এক সিদ্ধান্ত লোৱা হব।
ইফালে গৌৰৱ গগৈয়েও হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল। গৌৰৱ গগৈৰ এই হুংকাৰৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এছ আই টি গঠন কৰি এই সমগ্ৰ ঘটনাৰ তদন্ত হব বুলি ঘোষণা কৰিছিল।