ধেমাজিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাভ কৰা পিছতে বুধবাৰে প্ৰথমবাৰৰ বাবে ধেমাজি আৱৰ্ত ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰে গৌৰৱ গগৈয়ে।

author-image
Asomiya Pratidin
New Update
ধেমাজিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

ডিজিটেল সংবাদ, ধেমাজি : প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাভ কৰা পিছতে বুধবাৰে প্ৰথমবাৰৰ বাবে ধেমাজি আৱৰ্ত ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰে গৌৰৱ গগৈয়ে। “গৌৰৱ গগৈৰ গাড়ীৰ ভিতৰতেই ভাইৰাছৰ আছে, তেওঁ যি কথা পাতে সকলো মুখ্যমন্ত্ৰীয়ে গম পাই” বুলি কৰা মন্তব্য প্ৰত্যুত্তৰ দিয়ে সভাপতি গগৈয়ে।

Advertisment

লগতে ৰাজ্যৰ মঠ মন্দিৰত নিষিদ্ধ মাংস পেলোৱা ঘটনাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য প্ৰত্যুত্তৰ দি কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি আমাৰ অসমীয়া সমাজ জীৱনৰ আস্থা, বিশ্বাস আৰু উপাসনাৰ পৱিত্ৰ স্থান  নামঘৰ, সত্ৰ, দৌল, দেৱালয় আদিৰ লগতে মন্দিৰ, মছজিদ, গীৰ্জা সমূহৰ সুৰক্ষা দিব নোৱাৰে তেন্তে তেওঁ নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাত ব্যৰ্থ। সেয়ে তেওঁ পদত্যাগ কৰিব লাগে বুলি দাবী কৰে গগৈয়ে ৷

গৌৰৱ গগৈ