ভাৰত বিৰোধী কাৰ্যত জড়িত সাংসদৰ পত্নী!

আলী তৌকী শ্বেখৰ ভাৰত বিৰোধী কাৰ্যত এগৰাকী সাংসদৰ পত্নী জড়িত থকাৰ লগতে পাকিস্তানৰ গৃহ মন্ত্রালয়ে অসমৰ এজন সাংসদক প্রদান কৰিছিল বিশেষ সুবিধা।

New Update
WhatsApp Image 2025-09-10 at 9.07.46 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ   গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰিলে SITয়ে। প্রতিবেদন দাখিলৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজ এক্স হেণ্ডেলত এই সন্দৰ্ভত কেতবোৰ তথ্য প্ৰকাশ কৰে।

তেওঁ কয় যে, এজন পাকিস্তানী নাগৰিক আলী তৌকী শ্বেখৰ ভাৰতবিৰোধী কাৰ্যৰ তদন্তৰ বাবে যোৱা ১৭ ফেব্রুৱাৰীত ৰাজ্য চৰকাৰে গঠন কৰিছিল SIT। শ্বেখ আৰু সহযোগীসকলৰ ভাৰতবিৰোধী কাৰ্যৰ তদন্ত কৰিছিল SIT য়ে। 

ৰাষ্ট্র সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে ষড়যন্ত্রৰ তথ্য উন্মোচন তদন্তৰ সময়ত উদঘাটন কৰে SITয়ে। 
আলী তৌকী শ্বেখৰ ভাৰত বিৰোধী কাৰ্যত এগৰাকী সাংসদৰ পত্নী জড়িত থকাৰ লগতে পাকিস্তানৰ গৃহ মন্ত্রালয়ে অসমৰ এজন সাংসদক প্রদান কৰিছিল বিশেষ সুবিধা।

তাৰোপৰি পাকিস্তান ভ্রমণৰ সুবিধা প্রদান কৰা হৈছিল অসমৰ সাংসদগৰাকীক। সেই বিষয়েও SITৰ অনুসন্ধানত আলোকপাত কৰা হৈছে। 

উল্লেখযোগ্য যে, প্রতিবেদন বিতংভাৱে পৰীক্ষা কৰি মুখ্যমন্ত্রীয়ে কেবিনেটত দাখিল কৰিব। ৰাজ্যিক কেবিনেটত আলোচনাৰ পিছত এই তথ্য ৰাজহুৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে।

গৌৰৱ গগৈ