বিজেপিৰ গোটেই ইকো ছিষ্টেমে মোক টাৰ্গেট কৰিলেও মই ভয় নকৰো কাৰণ মই তৰুণ গগৈৰ পুত্র...

আৰক্ষী, CBI বিজেপিৰ ওচৰত থাকিব পাৰে, কিন্তু কংগ্রেছৰ ওচৰত ৰাইজ আছে,এটা আঙুলিয়ে মুখ্যমন্ত্রীৰ চকী সলনি কৰিব পাৰে, বিজেপি শক্তিশালী নহয়, আপোনাৰ এটা আঙুলিহে শক্তিশালী- গৌৰৱ গগৈ

author-image
Asomiya Pratidin
New Update
ggfg

ডিজিটেল সংবাদ,গুৱাহাটীঃ   সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথক লৈ উত্থাপন হোৱা অভিযোগৰ মাজতে আজি এক সংবাদ মেলৰ আয়োজন কৰে সাংসদগৰাকীয়ে। সংবাদ মাধ্যমক সম্বোধন কৰি শাসনাধিষ্ঠিত চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে গৌৰৱ গগৈ।

Advertisment

আমাৰ চৰকাৰ থকাৰ সময়ত অসমত গণতান্ত্রিক অধিকাৰ সুৰক্ষিত আছিল, ক্ষমতা এগৰাকী ব্যক্তিৰ হাতত নহয়, ৰাইজৰ হাতত থাকিব লাগে। অসমত আজি গণতান্ত্রিক অধিকাৰ সুৰক্ষিত নহয় বুলি অভিযোগ কৰে গৌৰৱ গগৈয়ে।

তেওঁ কয় যে, ৰাজ্যৰ উন্নয়ন কেৱল গুৱাহাটীকেন্দ্রিক। উন্নয়ন হৈছে কেৱল কেইগৰাকীমান ঠিকাদাৰৰ আৰু পৰিয়ালৰ। মুখ্যমন্ত্ৰীয়ে ভাবিছে ক্ষমতা সদায় তেওঁৰ লগত থাকিব কিন্তু ক্ষমতা এটা চক্র, ই চিৰস্থায়ী নহয়।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ ক্ষমতা সন্দৰ্ভত সাংসদ গগৈয়ে কয় যে, মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে জে’ললৈ পঠিয়াই দিয়ে। সেয়ে ৰাইজৰ ওচৰত বৰ্তমান বিকল্প কেৱল কংগ্রেছ বুলি সংবাদ মেলৰ মাজতে সোঁৱৰাই দিয়ে। লগতে আৰক্ষী, CBI বিজেপিৰ ওচৰত থাকিব পাৰে, কিন্তু কংগ্রেছৰ ওচৰত ৰাইজ আছে,এটা আঙুলিয়ে মুখ্যমন্ত্রীৰ চকী সলনি কৰিব পাৰে, বিজেপি শক্তিশালী নহয়, আপোনাৰ এটা আঙুলিহে শক্তিশালী বুলিও কয় গগৈয়ে।

ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পত্নী এলিজাবেথ প্ৰসংগত চৰকাৰখনক উদ্দেশ্যি গৌৰৱ গগৈয়ে কয় যে, ৰাষ্ট্রীয় সুৰক্ষাৰ কথা কোৱা সকলে মণিপুৰৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিছিল। আমাৰ শক্তি বৃদ্ধি হোৱাৰ বাবে বিজেপিত ভূমিকম্প হৈছে। বিজেপিৰ হাতত কেৱল ১২ মাহ সময় আছে। ইফালে অসমত অবৈধ কয়লাৰ টকা আমি বন্ধ কৰাই দিয়া বাবে মুখ্যমন্ত্রীৰ মন বেয়া বুলিও ব্যক্ত কৰে সাংসদ গৌৰৱ গগৈয়ে।

ইয়াৰোপৰি তেওঁ কয় যে, বিজেপিৰ সকলোৱে মোক টাৰ্গেট কৰি আছে। বিজেপিৰ গোটেই ইকো ছিষ্টেমে মোক টাৰ্গেট কৰিলেও মই ভয় নকৰো, মই দলো নসলাও, কাৰণ মই তৰুণ গগৈৰ পুত্র।

 

গৌৰৱ গগৈ