গৌৰৱ গগৈক তীব্ৰ কটাক্ষ অসমীয়া যুৱ মঞ্চৰ...

দেশতকৈ গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয়' আমগুৰিত অসমীয়া যুৱ মঞ্চই অনুষ্ঠিত কৰা সংবাদমেলত এনেদৰে মন্তব্য কৰিলে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল সংবাদ, আমগুৰিঃ  দেশতকৈ গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয়' আমগুৰিত অসমীয়া যুৱ মঞ্চই অনুষ্ঠিত কৰা সংবাদমেলত এনেদৰে মন্তব্য কৰিলে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক  আকাশ শইকীয়াই।

Advertisment

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্থান প্ৰীতিক লৈ সোচ্চাৰ হল অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়া। অসমীয়া যুৱ মঞ্চৰ আমগুৰি নগৰস্থিত অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াই সংবাদমেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈৰ পাকিস্থান প্ৰীতি কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

লগতে সাংসদ গৌৰৱ গগৈক ৰাষ্ট্ৰ বিৰোধী বঁ‌টাৰে বিভূষিত কৰিবলৈয়ো আহ্বন জনায়।নামনি অসমত চলা উচ্চেদ অভিযানত ক্ষতিগ্ৰস্ত হোৱা লোকক কংগ্ৰেছ চৰকাৰ আহিলে মাটি ঘূৰাই দি সংস্থাপিত কৰা হব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্য অতিকৈ নিন্দনীয় বুলিও মন্তব্য কৰে।

শক্ৰ ৰাষ্ট্ৰ পাকিস্থানৰ প্ৰেমত পৰাৰ বাবেই ২০২৬ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল শূন্য নহলে অসমীয়া যুৱ মঞ্চৰ পৰা আকাশ শইকীয়াই পদত্যাগ কৰিব বুলি প্ৰত্যাহ্বান জনাইছে।সময় থাকোতেই পাকিস্থানৰ সৈতে থকা প্ৰীতিৰ সম্পৰ্ক ত্যাগ কৰিবলৈ গৌৰৱ গগৈক আহ্বান।অন্যথা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হবলৈ সাজু হৈ থাকক বুলি মন্তব্য কৰে আকাশ শইকীয়াই।

গৌৰৱ গগৈ