চাকৰিৰ পৰিবৰ্তে মদৰ বটল দিছে  বিজেপিয়েঃ ঢকুৱাখনাত সাংসদ গৌৰৱ গগৈ

চাকৰিৰ পৰিবৰ্তে মদৰ বটল দিছে  বিজেপিয়েঃ ঢকুৱাখনাত সাংসদ গৌৰৱ গগৈ

ডিজিটেল সংবাদ, ঢকুৱাখনা : সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ অভিভাৱক সমাজ অতিকে চিন্তিত, সচকিত নিজৰ ল'ৰা ছোৱালীকলৈ । যিসময়ত ৰাজ্যখনৰ লাখ লাখ নিবনুৱাই চাকৰি বিচাৰি ঘৰত বহি আছে, সেইসকল নিবনুৱাক চাকৰি দিয়াৰ পৰিবৰ্তে বিজেপি চৰকাৰে হাতত মদৰ বটল তুলি দিয়াৰ ব্যৱস্থা কৰিছে । মদৰ নতুন নীতি উলিয়াই  বিজেপি চৰকাৰে গাঁৱে গাঁৱে মদৰ দোকান খুলি দিছে । যাক লৈ অভিভাৱকসকল চিন্তিত ।

যিহেতু সুৰাৰ ৰাগীত এগৰাকী ব্যক্তিয়ে নিজৰ ব্যক্তিগত জীৱন ধ্বংস কৰাৰ সৈতেই পৰিয়াল আৰু সমাজৰো বিনষ্ট কৰে। যাৰ বাবে শাসনাধিষ্ঠ চৰকাৰৰ এই সিদ্ধান্তক লৈ অভিভাৱক সমাজ আৰু নাৰী সকল বহু পৰিমাণে ক্ষুণ্ণ আৰু আতংকিত ।

অনুমান কৰা হৈছে যে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত । ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰিব বিচৰা গেৰুৱা দলৰ বিৰুদ্ধে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব এইসকল বিতুষ্ট ভোটাৰে । দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হৈ উভতনি যাত্ৰা পথত ঢকুৱাখনাৰ ৰাজীৱ ভৱনত দলীয় কৰ্মীৰ উষ্ণ আদৰণি গ্ৰহণ কৰি শনিবাৰে দুপৰীয়া এই মন্তব্য কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ।

ঢকুৱাখনা নগৰ চাৰি আলিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সদস্য পদ্মলোচন দলে, মুকুল গগৈ, লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মণিকা পাতিৰ, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী কুসুম বৰুৱা, ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দীপাংকৰ দাসৰ নেতৃত্বত প্ৰবীণ কংগ্ৰেছী দন্দী হাজৰিকা, জিতেন গোহাঁই, দুৰ্গা সূত, কৃষ্ণ কমল বৰা, সেৱা দলৰ অধিনায়ক নিতু বৰগোহাঁই, ব্লক কংগ্ৰেছৰ সম্পাদক শৰৎ পাৰ্টিৰ, উপ সভাপতি ৰাকেশ পেগু, দেৱ দাস, মহিলা নেত্ৰী ইনামণি বৰুৱা, ৰানু সিংহ হাজৰিকা, জীনা বৰপাত্ৰ গোহাঁই, মণ্ডল কংগ্ৰেছৰ সভাপতি সকলৰ সহযোগত বহু সংখ্যক দলীয় কৰ্ম কৰ্তাই নগৰ চাৰি আলিত আদৰণি জনাই বিভিন্ন শ্লোগান দি পদব্ৰজে ৰাজীৱ ভৱনলৈ লৈ যায় সাংসদ গগৈক ।

ৰাজীৱ ভৱনত দলীয় কৰ্মকর্তা সকলৰে বাৰ্তালাপ কৰি সংবাদ মাধ্যমক সম্বোধন কৰি গগৈয়ে উপৰোক্ত মন্তব্য কৰে । সাংসদ গগৈয়ে কয় সমগ্ৰ ভাৰতবৰ্ষ জুৰি আৰম্ভ হোৱা 'ভাৰত জোড়ো'  অভিযানে খুব সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে কংগ্ৰেছ দললৈ। এই যাত্ৰাই উত্তৰ অসমকো স্পৰ্শ কৰিব বুলি জানিবলৈ দি গগৈয়ে দৰিদ্ৰ ৰাইজৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰা কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা বিজেপিৰ অপপ্ৰচাৰে মুখ থেকেছা খোৱা বুলি কয় ।

কলিয়াবৰ লোক সভা সমষ্টিত অনাগত নিৰ্বাচনত সাংসদ গৌৰৱ গগৈক পৰাভূত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ  সোণোৱালক প্ৰক্ষেপ কৰিব বুলি ৰাজনৈতিক মহলত আৰম্ভ হোৱা চৰ্চা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত গগৈয়ে  কয় "বিজেপি দলৰ ভিতৰত সৰ্বানন্দ সোণোৱাল বিৰোধী যি শিবিৰ আছে সেই শিবিৰৰ হে এয়া প্ৰচাৰ । দলীয় অভ্যন্তৰত যি অন্তকলহ চলিছে দুই শিবিৰত গেৰুৱা দলতো বিভক্ত হৈছে তাকেই এনেবোৰ চৰ্চাই প্ৰকট কৰা বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in