/asomiyapratidin/media/media_files/2025/06/23/iyturtyrt-2025-06-23-23-39-37.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ কোকৰাঝাৰ ভ্ৰমণ উপলক্ষে মঙলবাৰে কংগ্ৰেছে জিলাখনৰ বাওখুংগ্ৰী সমষ্টিৰ আদাবাৰীত এক জনসভা অনুষ্ঠিত কৰে। উক্ত জনসভাৰ অন্তত গৌৰৱ গগৈয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰে যে, "স্থানীয় বড়ো নেতৃত্বক বিজেপিয়ে সন্মান নকৰে। বড়ো নেতৃত্ব বিশেষকৈ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীক ৰিমোট কণ্ট্ৰোল হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। তেওঁলোকে বিচাৰে যে দুয়োজনে আঠুকাঢ়ি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰক। প্ৰকৃততে বিজেপি দলৰ নীতি সেয়াই ,যাৰ লগত হাত মিলায় তাকে দূৰ্বল কৰায় বিজেপিয়ে আৰু ইয়াৰ অন্যতম উদাহৰণ হৈছে অগপ । বৰ্তমান অগপৰ অৱস্থা তেনেকুৱাই হৈছে। কংগ্ৰেছ হ'ল স্বাধীনতা আন্দোলনৰ পৰা জন্ম হোৱা দল। ৰাজনৈতিকভাৱে ত্যাগ কৰিব জানে কংগ্ৰেছ দলে। পূৰ্বতে ৰাজ্য আৰু কেন্দ্ৰত থকাৰ পিছতো আমি ত্যাগ কৰিলো" বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে।
আনহাতে সভাত গৌৰৱ গগৈয়ে কয় যে, "এতিয়া কংগ্ৰেছৰ কাৰ্যসূচীৰ পিছত কংগ্ৰেছ বিৰোধীৰ বিপি বাঢ়ি গৈছে। বিৰোধীয়ে ভয় কৰা আৰম্ভ কৰোতেই বুজিব পাৰি যে কংগ্ৰেছ শক্তিশালী হৈছে। কংগ্ৰেছে সদায় জনতাৰ লগত থাকি কাম কৰে" বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে "পৰ্বতঝোৰাত আমি স্থানীয় ৰাইজৰ মনোবল বৃদ্ধি কৰিবলৈ হে আহিছিলো। তাৰপিছতে মুখ্যমন্ত্ৰীয়ে পৰ্বতঝোৰাৰ প্ৰকল্পক লৈ প্ৰকল্পটো পৰ্বতঝোৰাৰ সলনি ধুবুৰী নাইবা গোৱালপাৰাত স্থানান্তৰ কৰাৰ ইংগিত প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ কথাৰ ভৰষা নাই" বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে "মুখ্যমন্ত্ৰীয়ে হাজাৰবাৰ মিছা কথা কয়।"
নিৰ্বাচনৰ আগত এখোজ পিছুৱাই গৈছে কিন্তু নিৰ্বাচনৰ পিছত আকৌ দুখোজ আগবাঢ়িব বুলি মন্তব্য কৰি নিৰ্বাচনৰ পিছত পুলিচ লগাই আকৌ ভূমি দখল কৰিব পাৰে বুলি মত প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। ভূমি পট্টা দিব বুলি ভূমি কিন্তু মামা- মামী, আদানী -আম্বানীক হে দিব বুলি মত প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । আনহাতে আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদ আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অৱস্থা কি বুলি প্ৰশ্ন উত্থাপন কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰত ভোল নাযাবলৈ আহ্বান জনাইছে। বিটিচিৰ প্ৰতিটো সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী সাজু হৈ আছে বুলি ভাষণত উল্লেখ কৰি সমষ্টিসমুহত পৰ্যবেক্ষক আহি ৰাইজৰ লগত আলোচনা কৰাৰ অন্তত হে সকলো চাই-জাৰি চাই চুড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। আনহাতে এয়াই মোৰ শেষ কোকৰাঝাৰ ভ্ৰমণ নহয় , মই আকৌ আহিম বুলি গৌৰৱ গগৈয়ে প্ৰতিশ্ৰুতি দি কোকৰাঝাৰ ভ্ৰমণ সামৰি বিয়লিৰ ভাগত গুৱাহাটীলৈ ৰাওনা হয় ।
আনহাতে বাওখুংগ্ৰী সমষ্টিৰ অন্তৰ্গত নায়েকগাঁৱৰ কাক্ৰিঘোলাত আজিৰ দিনটোতে আৰু প্ৰায় একেটা সময়তে ইউপিপিএলৰ পূৰ্ব নিৰ্ধাৰিত হিতাধিকাৰীৰ এক সভা অনুষ্ঠিত হয়। উক্ত সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কেন্দ্ৰ , ৰাজ্য আৰু বিটিচি পৰিষদীয় চৰকাৰৰ জনমুখী আঁচনিসমুহৰ বিস্তাৰিত বিবৰণ দি যোগ্য কোনো হিতাধিকাৰী যাতে আঁচনি তালিকাৰ পৰা বাদ নপৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সভাৰ অন্তত সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োৱে গৌৰৱ গগৈ আৰু হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে সদায় ওলোটা কথা কয় বুলি মন্তব্য কৰিছে। এইবাৰ বিটিচি নিৰ্বাচনত বিপিএফ দলে দুই তিনিখন হে আসন পাব পাৰে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ সমষ্টিটোও এইবাৰ হেৰুৱাব বুলি মন্তব্য কৰিছে। আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ কোকৰাঝাৰ ভ্ৰমনে ইউপিপিএল দলৰ ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য কৰি বড়োলেণ্ড এলেকাত কংগ্ৰেছৰ দলীয় আৰু সাংগঠনিক স্থিতি নাই বুলি মতপোষণ কৰিছে । বহু আগতেই তেওঁলোকে চাৰেণ্ডাৰ কৰিছে বুলি মন্তব্য কৰি শান্তি আৰু উন্নয়নৰ ৰাজনীতি কৰিবলৈ আহ্বান জনাইছে প্ৰমোদ বড়োৱে।