/asomiyapratidin/media/media_files/2025/07/10/gg-10-2025-07-10-18-11-29.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ বৰাক উপত্যকা যেন এতিয়া অসমৰ কলীয়াপানী৷ বৰাক উপত্যকাৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত জল-স্থল আৰু আকাশী পথ সকলোৱেই বিধ্বস্ত, দুৰ্গম আৰু ব্যয়বহুল৷
বিশেষকৈ বাৰিষা উপত্যকাটোৰ সৈতে যোগাযোগ একপ্ৰকাৰ অসম্ভৱ হৈ পৰে৷ লোকসভাৰ বিৰোধী উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে বৰাকৰে যোগাযোগৰ এই সমস্যা আৰু বৰাকবাসীয়ে সমুখীন হৈ অহা সমস্যা সম্পৰ্কত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰক ৪০ লাখ জনতাৰ প্ৰধান সমস্যা কেইটা সমাধানৰ ব্যৱস্থা কৰি বৰাকবাসীৰ দীৰ্ঘদিনৰ সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনাইছে।
এই দিশত সাংসদগৰাকীয়ে “সুনিৰ্দিষ্ট পদক্ষেপ ল’বলৈ আগ্ৰহী আৰু সংযোগৰ উন্নতি ঘটাব পৰা আৰু অঞ্চলটোৰ জনসাধাৰণে সন্মুখীন হোৱা কষ্ট লাঘৱ কৰিব পৰা যিকোনো প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ সাজু হৈ আছো” বুলি পত্ৰখনত উল্লেখ কৰিছে। উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰে পৰা বৰাক-ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ লগতে পাহাৰীয়া জিলাকেইখন ভ্ৰমণ কৰি গৌৰৱ গগৈয়ে সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমস্যাৰ বুজ লৈছে৷
শেহতীয়াকৈ বৰাক উপত্যকা ভ্ৰমণৰ সময়ত উপত্যকাটোৰ বিভিন্ন সমস্যাৰ লগতে যোগাযোগৰ বিধ্বস্ত ৰূপটোৱে বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে গৌৰৱ গগৈক। সেয়ে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁ পত্ৰখনত লিখিছে, “বাৰে বাৰে ব্যাঘাতৰ সন্মুখীন হৈ বৰাক উপত্যকাৰ জনসাধাৰণে স্থিতিস্থাপকতা দেখুৱাইছে যদিও কেৱল স্থিতিস্থাপকতাই নিৰ্ভৰযোগ্য আন্তঃগাঁথনিৰ বিকল্প হ’ব নোৱাৰে। এই সুযোগতে বৰাক উপত্যকাই যাতে বহুদিনৰ পৰা অপেক্ষা কৰি থকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচৰা প্ৰাপ্য মনোযোগ যাতে লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আপোনাক আহ্বান জনালো।”
বাৰিষাৰ বান আৰু ব্যাপক ভূমিস্খলনে বিধ্বস্ত কৰা ৰে’লপথ আৰু স্থলপথেৰে দুৰ্গম যাতায়ত সন্দৰ্ভত পত্ৰখনত উল্লেখ কৰিছে, “ডিমাহাছাওৰ পাহাৰৰ মাজেৰে পাৰ হৈ যোৱা লামডিং-বদৰপুৰ ৰে’লপথটো এতিয়া দীৰ্ঘদিনীয়া বিঘিনিৰ সমাৰ্থক হৈ পৰিছে। মাত্ৰ যোৱা পাঁচ বছৰত এই অংশত ভূমিস্খলন, মথাউৰি ভাঙি যোৱা আৰু ভংগুৰ আন্তঃগাঁথনিৰ বাবে কমেও সাতটা বৃহৎ বিজুতি ঘটিছে।
কেইবা সপ্তাহ ধৰি ৰে’লসেৱা বন্ধ হৈ আছে, হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে৷ একে সময়তে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ সোণাপুৰ, জাটিংগা, আৰু হাৰংগাজাওৰ ওচৰৰ ভূমিস্খলন আৰু ক্ষতিগ্ৰস্ত কালভাৰ্টৰ ফলত বাৰে বাৰে বন্ধ হৈ পৰে।
মেৰামতিৰ বাবে ১৩৭ কোটি টকা ব্যয় হোৱাৰ পাছতো শিলচৰ-কলেইন পথৰ হাৰং দলংখন অলপতে ভাঙি পৰাটোৱে পথৰ আন্তঃগাঁথনিৰ পয়ালগা অৱস্থাৰ প্ৰতিফলন ঘটায়।” আনহাতে আকাশী পথেৰেও যাতায়ত যে এতিয়া সাধাৰণ মানুহৰ বাবে অলীক কল্পনা সেই কথা উল্লেখ কৰি সাংসদ গগৈয়ে পত্ৰখনত উল্লেখ কৰে, “এতিয়া পথ আৰু ৰে’ল যোগাযোগ দুয়োটা বন্ধ হৈ থকাৰ সময়তে বৰাক উপত্যকা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। নিৰ্ভৰযোগ্য স্থল পথ সংযোগৰ অভাৱত বিমান যাত্ৰাহে একমাত্ৰ বিকল্প হৈ পৰিছে যদিও কমসংখ্যকেহে যাতায়তৰ এই বিকল্পৰ সুবিধা ল’বলৈ সক্ষম হৈছে৷ কাৰণ শিলচৰ আৰু গুৱাহাটীৰ মাজত বিমান ভাড়াই ১৫-১৮ হাজাৰ টকা অতিক্ৰম কৰিছে, যিটো আগৰতলা আৰু গুৱাহাটীৰ মাজত সাধাৰণ হাৰৰ ভাৰাৰ দহগুণতকৈও অধিক৷”
৪০ লাখৰো অধিক নাগৰিকৰ বাসস্থান বৰাক উপত্যকা সাংস্কৃতিক সমৃদ্ধি আৰু জাতীয় অৱদানৰ গৌৰৱময় ইতিহাসৰ সাক্ষী বুলি অভিহিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত উল্লেখ কৰে, “নিৰ্ভৰযোগ্য পৰিবহণ আন্তঃগাঁথনিৰ অভাৱে অৰ্থনৈতিক উন্নয়ন স্তব্ধ কৰি তুলিছে, বিনিয়োগক নিৰুৎসাহিত কৰিছে, চিকিৎসা ৰেফাৰেলত বিলম্ব ঘটাইছে, আৰু অঞ্চলটোৰ যুৱক-যুৱতীসকলক হতাশাৰ মাজলৈ ঠেলি দিছে। নাগৰিক সমাজ আৰু নিৰ্বাচিত প্ৰতিনিধিয়ে এই বিষয়টো বাৰে বাৰে উত্থাপন কৰি আহিছে যদিও ইয়াৰ দীৰ্ঘম্যাদী, জবাবদিহি সমাধান এতিয়াও লুকাই আছে।”
বৃহস্পতিবাৰে প্ৰেৰণ কৰা পত্ৰখনত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীক স্পষ্ট আৰু সময়সীমাবদ্ধ দিক নিৰ্দেশনাৰ সৈতে কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সঁহাৰি জনাবলৈ আহ্বান জনাইছে। এই বিষয়কেইটা হৈছে, আধুনিক অভিযান্ত্ৰিক আৰু জিঅ’-ব্যাৰিয়াৰ ব্যৱহাৰ কৰি লামডিং-বদৰপুৰ ৰে’লপথৰ অংশটো ডাবল লাইন আৰু ভূমিস্খলন প্ৰতিৰোধী কৰি নিৰ্মাণ কৰা৷
বিকল্প লংকা-চন্দ্ৰনাথপুৰ (ময়নাৰবণ্ড) ৰে’ল লাইনক দ্বিতীয় ক’ৰিডৰ হিচাপে অনুমোদন আৰু ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা। সীমান্ত পথ সংস্থা আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সমন্বিত নিয়োগৰ জৰিয়তে তৎক্ষণাত পথ সংযোগ পুনৰুদ্ধাৰ কৰা। বাৰিষাৰ সময়ত নিৰৱচ্ছিন্নভাৱে প্ৰৱেশ নিশ্চিত কৰিবলৈ জলবায়ু-স্থিতিস্থাপক বিকল্প বাইপাছ নিৰ্মাণ কৰা।
শিলচৰ, গুৱাহাটী, আৰু কলকাতাৰ মাজত এয়াৰ ইণ্ডিয়া বা ইউডিএনৰ ৰাজসাহায্যযুক্ত বিমান সেৱা পুনৰ প্ৰৱৰ্তন কৰা আৰু ডিজিচিএ আৰু এমঅ’চিএৰ হস্তক্ষেপৰ জৰিয়তে পথ আৰু ৰে’ল নিলম্বনৰ সময়ত বিমান ভাড়া নিয়ন্ত্ৰণ কৰা। বৰাক নদীৰ মাজেৰে অভ্যন্তৰীণ জলপথকে ধৰি বহুমুখী মডেল পৰিবহণৰ বাবে সংযোগ পুনৰুজ্জীৱন পেকেজ আৰম্ভ কৰা।