প্ৰধানমন্ত্ৰীক জৰুৰী হস্তক্ষেপৰ আহ্বান গৌৰৱ গগৈৰ

দুগ্ধ ফাৰ্মৰ ৰাজসাহায্য বিষয়ক লৈ প্রধানমন্ত্রীলৈ পত্র কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পত্ৰৰ জৰিয়তে হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্রত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিলে সাংসদগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
new ap web 4

ডিজিটেল ডেস্কঃ দুগ্ধ ফাৰ্মৰ ৰাজসাহায্য বিষয়ক লৈ প্রধানমন্ত্রীলৈ পত্র কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পত্ৰৰ জৰিয়তে হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্রত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিলে সাংসদগৰাকীয়ে। “বাণিজ্যিক দুগ্ধ পাম স্থাপনৰ বাবে উদ্যোগীক সহায় (২০২২–২৩)” আঁচনিৰ শীঘ্ৰে পুনৰীক্ষণৰো আহ্বান জনাই গৌৰৱ গগৈয়ে। 

Advertisment

পত্ৰত গগৈয়ে উল্লেখ কৰে যে, ‘প্ৰতি ইউনিটত ৫০ লাখ টকা পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা এই আঁচনিখন দুগ্ধ উদ্যোগীসকলক সহায় কৰাৰ লগতে আঞ্চলিক গাখীৰ উৎপাদন শক্তিশালী কৰাৰ বাবে হাতত লোৱা হৈছিল। কিন্তু কেইবাজনো হিতাধিকাৰীৰ ভিতৰত শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ আত্মীয় আৰু সহযোগী আছে বুলি জানিব পৰা গৈছে।’

আনহাতে, এই পত্ৰ জৰিয়তে গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে। তেওঁ সদৰি কৰে যে, মন্ত্ৰীসকলৰ পৰিয়ালৰ সদস্যসকলক এই আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰিছে। ই সমতা আৰু ন্যায়ৰ সাংবিধানিক মূল্যবোধক ক্ষতিগ্ৰস্ত কৰা বুলি দৃঢ়তাৰে উল্লেখ কৰি কয়, “জনসাধাৰণৰ আস্থাক ক্ষয় কৰাই নহয়, ৰাজনৈতিক পক্ষপাতিত্বৰ এক আমনিদায়ক সমৰ্থন প্ৰতিফলিত কৰে।”

গগৈয়ে তেওঁৰ পত্ৰত গীৰ গাই বিতৰণৰ জৰিয়তে ৫.৫ কোটিৰো অধিক ৰাজহুৱা ধনেৰে পুঁজিৰে গৰুখুটি কৃষি প্ৰকল্পৰ ভিতৰত সংঘটিত অনিয়মৰ অভিযোগ উত্থাপন কৰে। গগৈৰ মতে, প্ৰকল্পটোৰ অধীনত পশুধন ৰাজনৈতিক ব্যক্তিৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক আবণ্টন দিয়া হৈছিল, য’ত আছিল- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী, বিধায়ক ভূপেন পেগু, বিধায়ক উৎপল বৰা, বিধায়ক দিগন্ত কলিতা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আদি।

পত্ৰখনৰ সামৰণিত প্ৰধানমন্ত্ৰীক জৰুৰী হস্তক্ষেপ আৰু অসমত নৈতিক শাসনৰ নীতিসমূহ যাতে পালন কৰা হয় তাৰ বাবে আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

গৌৰৱ গগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী