বিজেপি দলৰ অৰাজকতা ৰাইজৰ মাজলৈ লৈ যাব কংগ্ৰেছে : গৌৰৱ গগৈ

শনিবাৰে মঙলদৈত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সাংসদ গৌৰৱ গগৈ। গগৈয়ে শনিবাৰে গধূলিৰে পৰা মঙলদৈ আবৰ্ত ভৱনত বিভিন্ন দল সংগঠনৰ লগত সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হয়।

author-image
Asomiya Pratidin
New Update
মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

ডিজিটেল সংবাদ, মঙলদৈ : শনিবাৰে মঙলদৈত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সাংসদ গৌৰৱ গগৈ। গগৈয়ে শনিবাৰে গধূলিৰে পৰা মঙলদৈ আবৰ্ত ভৱনত বিভিন্ন দল সংগঠনৰ লগত সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হয়।

Advertisment

ইয়াৰ পাছতে সাংবাদিকৰ সন্মুখত সভাপতিগৰাকীয়ে কয় যে, বিজেপি দলৰ অৰাজকতা ৰাইজৰ মাজলৈ লৈ যাব কংগ্ৰেছে। বৰ্তমান সময়ত মাত্ৰ দুই, তিনিজন ব্যক্তিৰ হাতত আছে সকলো। ধন-সম্পত্তি, টকা -পইচা সকলো মাত্ৰ মুখ্যমন্ত্ৰী আৰু দুই এজন মন্ত্ৰীৰ হাততে আছে। সাধাৰণ জনতাৰ হাতত একো নাই । সেয়েহে অহা ২০২৬চনত এখন ডাঙৰ যুদ্ধ হ'ব।

শনিবাৰে মঙলদৈত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সাংসদ গৌৰৱ গগৈ। গগৈয়ে শনিবাৰে গধূলিৰে পৰা মঙলদৈ আবৰ্ত ভৱনত বিভিন্ন দল সংগঠনৰ লগত সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হয়।

মুখ্যমন্ত্ৰীয়ে এন আৰ চিৰ সন্দৰ্ভত কোৱা কথাখিনি অসাংবিধানিক বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। বৰ্তমান আৰক্ষীক বিপথে পৰিচালিত কৰি আছে চৰকাৰে।

ৰাজনৈতিক যাত্ৰা একাংশই অসামাজিক কামৰ জৰিয়তে আৰম্ভ কৰিছিল আৰু সেয়েহে ক্ষমতা লাভ কৰি চাৰিওদিশে অসামাজিক কামেই কৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

তেওঁ আৰু কয়- বৰ্তমান গৃহ বিভাগ ব্যৰ্থ হৈছে। ডাবল ইঞ্জিনৰ চৰকাৰ যদিও কোনো ধৰণৰ তথ্য নাই চৰকাৰৰ হাতত । একমাত্ৰ কংগ্ৰেছ দলৰ গোপন কথা জানিবলৈহে চোৰাংচোৱা আছে। দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সমূলি ব্যৰ্থ হৈছে ডাবল ইঞ্জিন চৰকাৰ।

গৌৰৱ গগৈ বিজেপি