বটদ্রৱা থানত ভক্ত বৈষ্ণৱ-তীৰ্থযাত্রীক খোৱা পানী বিতৰণ

বটদ্রৱা থানত ভক্ত বৈষ্ণৱ-তীৰ্থযাত্রীক খোৱা পানী বিতৰণ

author-image
Asomiya Pratidin
New Update
বটদ্রৱা থানত ভক্ত বৈষ্ণৱ-তীৰ্থযাত্রীক খোৱা পানী বিতৰণ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে বটদ্রৱা থানত বুধবাৰে হাজাৰ হাজাৰ ভক্ত বৈষ্ণৱ, তীৰ্থযাত্রীৰ সমাগম হৈছে। লোকে লোকাৰণ্য পৰিবেশ বিৰাজ কৰিছে।

Advertisment

উৎকট গৰমকো নেওচি গুৰু তিৰোভাৱ তিথিত উপস্থিত হোৱা ভকত বৈষ্ণৱ, আইমাতৃ সকলক বিশুদ্ধ খোৱা পানী বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে গৌৰৱ গগৈ ফ্ৰেণ্ডচ ক্লাৱে। সাংসদ গৌৰৱ গগৈৰ জন্মদিনৰ লগত সংগতি ৰাখি খোৱা পানী বিতৰণ কাৰ্যসূচীটো অনুষ্ঠিত কৰা হৈছে বুলি জানিব দিছে।

বটদ্ৰৱা থানৰ সিংহদ্বাৰৰ সন্মুখত অনুষ্ঠিত খোৱা পানী বিতৰণ কাৰ্যসূচীত সমাজকৰ্মী সুৰুজ হাজৰিকা, জিয়াওৰ ইছলাম, চাদিকুজ জামান, জীতেন বৰদলৈ, হিবজুৰ ৰহমান, পংকজ কলিতা, এমডাদুল ইছলাম, উপেন কলিতা, হলিৰাম বৰুৱা, কিৰনজিৎ থাওচেনে, বাবুলাল নাইডিঙকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Also Read: হাজোত কেক কাটি গৌৰৱ গগৈৰ জন্মদিন উদযাপন ফেনছ ক্লাৱৰ

batadrava than