/asomiyapratidin/media/media_files/2025/09/04/1-2025-09-04-15-37-28.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰী: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে গোলাঘাট জিলা কংগ্ৰেছ সমিতিয়ে দিনৰ ভাগত গোলাঘাটৰ বুৰঞ্জীপ্ৰসিদ্ধ শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত শৰাই-নৈবদ্য আগবঢ়ায়।
কংগ্ৰেছ নেতাজনৰ ৪৪ সংখ্যক জন্মদিন উপলক্ষে নামঘৰত সকলো কংগ্ৰেছ কৰ্মীয়ে চাকি-ধূপ,শৰাই-নৈবদ্য আগবঢ়াই নেতাজনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় ৷
আজিৰ এই কাৰ্যসূচীত গোলাঘাট জিলা কংগ্ৰেছ,প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া লগতে ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷