মঙলদৈ জিলা পুথিভঁৰালত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে দলীয় নেতা- কৰ্মীসকলক সম্বোধন কৰে। এই সভাতেই বিগত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ চিহ্নত জয়লাভ কৰা প্ৰাৰ্থীসকলক সম্বৰ্দ্ধনা জনোৱা হয়। 

author-image
Asomiya Pratidin
New Update
 সভাপতি গৌৰৱ গগৈ

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে দলীয় নেতা- কৰ্মীসকলক সম্বোধন কৰে। এই সভাতেই বিগত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ চিহ্নত জয়লাভ কৰা প্ৰাৰ্থীসকলক সম্বৰ্দ্ধনা জনোৱা হয়। 

Advertisment

সভাত সভাপতি গৌৰৱ গগৈয়ে বিজেপিৰ দুৰ্নীতিসমুহ ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনাই দলীয় কৰ্মীসকলক ৷ সভাৰ শেষত সাংবাদিকৰ সন্মুখত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে কয় যে, নিৰ্বাচনৰ পূৰ্বে বাহিৰা ৰাজ্যৰ পৰা অহা আৰ এছ এছৰ নেতাই পৰিবেশ বিনষ্ট কৰিছে  ৷ 

বাহিৰা ৰাজ্যৰ পৰা অহা আৰ এছ এছৰ নেতা কৰ্মীক পঞ্জীয়ন কৰিবলৈ অসম আৰক্ষীক আহ্বান জনায়। আনহাতে মঙলদৈৰ বিধায়ক বসন্ত দাসৰ স্থিতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে, কংগ্ৰেছ দলত থাকি দেহত বিজেপি ভাইৰাছ থকা সকলক ভাল ট্ৰিটমেণ্ট দিব আৰু বেছি ভাইৰাছ থকা সকলক অপাৰেচন কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

প্ৰদ্যুৎ বৰদলৈয়ে ধুবুৰী জিলা সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যক সমৰ্থন জনোৱাক লৈ গৌৰৱ গগৈয়ৈ মন্তব্য কৰি কয় যে, বৰ্তমান গৃহ বিভাগ ব্যৰ্থ হৈছে। চৰকাৰেই এই কাৰ্য্যত জড়িত আছে। চোৰাংচোৱাই তথ্য দিব পৰা নাই,  বিজেপি দলৰ তথ্য আছে একমাত্ৰ কংগ্ৰেছ দলে কি কামত ব্যস্ত আছে, কি কাম কৰি আছে তথ্য লাভ কৰাত ব্যস্ত।

অসম প্ৰদেশ কংগ্ৰেছ মঙলদৈ গৌৰৱ গগৈ