শিলচৰৰ কেবিনেটত লোৱা এটা প্ৰস্তাবো কাৰ্যকৰী নকৰিলে মুখ্যমন্ত্ৰীয়েঃ গৌৰৱ গগৈ

ছয় মাহ ধৰি তেওঁক পাকিস্তানৰ সৈতে সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰী সহ বিজেপি নেতা সকলে প্ৰচাৰ চলোৱাৰ পৰিপেক্ষিততে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ লাভ কৰা বুলি উল্লেখ কৰে ।  

author-image
Asomiya Pratidin
New Update
fsf

ডিজিটেল সংবাদ, শিলচৰ: বৰাকৰ বান পৰিস্থিতিৰ বুজ লৈ আজি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে 
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।‌ বৰখলা আৰু কাটিগৰা সমষ্টিৰ  চাৰিটা আশ্ৰয়‌  শিবিৰ পৰিদৰ্শন কৰি  বন্যাৰ্ত সকলৰ সমস্যাৰ‌ বুজ লোৱাৰ লগতে তেওঁ লোকৰ মাজত বান সাহায্য হিচাপে খাদ্য সামগ্ৰী বিতৰণ কৰে গৌৰৱ গগৈয়ে।

Advertisment

১

ইয়াৰ‌ পিচত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। বৰাকৰ  মিনি সচিবালয়ৰ কথা কোৱা বিজেপি চৰকাৰে আজিলৈ মিনি সচিবালয় সম্পুৰ্ণ কৰিব নোৱাৰিলে বুলি বিজেপিক সমালোচনা কৰে গৌৰৱ গগৈয়ে। তদুপৰি শিলচৰৰ কেবিনেটত গ্ৰহন কৰা  বানপানী প্ৰতিৰোধ, গৰাখহনীয়া প্ৰতিৰোধ আদি কাম কাগজতে আৱদ্ধ হৈ থাকিল বুলি অভিযোগ গৌৰৱ গগৈৰ।

 বৰ্তমান কয়লা, চুপাৰী টোল গেটৰ চিণ্ডিকেট  আৰু ঠিকাদাৰৰ পৰা  মোটা অংকৰ ধন লোৱাত ব্যস্ত বিজেপি চৰকাৰ। সম্প্ৰতি ধাৰাষাৰ বৰষুণৰ বাবে শিলচৰ- শ্বিলং - গুৱাহাটী আৰু শিলচৰ - হাফলং পথ বন্ধ হৈ থকাত বৰাক উপত্যকা দেশৰ‌ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হৈ আছে। এই সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‌যে বৰাকৰ উন্নয়ণতকৈ  চৰকাৰে চিণ্ডিকেটতহে গুৰুত্ব দিছে। 

২

বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখন পুনৰ অশান্ত কৰিব বিচাৰিছে বুলি অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ। বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব বুলি কেবিনেটত লোৱা সিদ্ধান্তৰ কঠোৰ সমালোচনা কৰি গৌৰব গগৈয়ে কয় যে, ৰাইজক বন্দুক হাতত তুলি দিয়াৰ  ফলত সমাজত অপৰাধ আৰু অশান্তি বৃদ্ধি পাব।

ব্যক্তিগত স্বাৰ্থ পুৰণ কৰিবলৈ একাংশ লোকে চৰকাৰী  অনুজ্ঞাপত্ৰ লাভ কৰা বন্দুক ব্যৱহাৰ কৰি শত্ৰুৰ ওপৰত প্ৰতিশোধ লব। ফলত  ৰাজ্যত  এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰে ৷
ইফালে,  মুখ্যমন্ত্ৰী সহ বিজেপিৰ নেতা মন্ত্ৰীয়ে ৰাইজৰ উন্নয়ণৰ কথা পাহৰি কেৱল  কংগ্ৰেছৰ  পিছত  লাগি আছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে।‌ বিগত ছয় মাহ ধৰি তেওঁক পাকিস্তানৰ সৈতে সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰী সহ বিজেপি নেতা সকলে প্ৰচাৰ চলোৱাৰ পৰিপেক্ষিততে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ লাভ কৰা বুলি উল্লেখ কৰে ।  

২

ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।‌ বিটিআৰ  নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ প্ৰস্তুতি কেনে বুলি সাংবাদিকে  সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয়, বানপানীৰ এনে সময়ত কংগ্ৰেছে নিৰ্বাচনক লৈ একো ভবা নাই ৷ ৰাজ্যৰ বান সমস্যা  নিয়ন্ত্ৰণ কৰাত  জলসম্পদ মন্ত্ৰী আৰু মূখ্যমন্ত্ৰী ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি গৌৰৱ‌ গগৈয়ে।

ইফালে, মুখ্যমন্ত্ৰীয় ২০২৬ চনত ১০৪ খন আসন লৈ পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰা সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। অৱশ্যে আজি বান পীড়িতৰ খবৰ লবলৈ শিলচৰ লৈ অহা গৌৰৱ‌ গগৈয়ে ৰাজনীতি সম্বন্ধীয় কোনোৱে প্ৰশ্নৰ‌ উত্তৰ দিবলৈ অস্বীকাৰ কৰে।

ইয়াৰ পূৰ্বে  দিনৰ ডেৰ বজাত কুম্ভীৰগ্ৰাম বিমান বন্দৰত অবতৰণ  কৰাৰ পিচত বৰাকৰ কংগ্ৰেছী সকলে গৌৰৱ গগৈক  উষ্ণ আদৰণি জনায়। তাৰ পৰা গাড়ীৰ  বিশাল সমদল কৰি গৌৰৱ গগৈক শিলচৰ আবৰ্ত ভৱনলৈ আদৰি অনা হয়। কুম্ভীৰগ্ৰামৰ পৰা শিলচৰলৈ অহাৰ পথত উদাৰবন্দৰ মা কাচাকান্তি মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই মা ৰ আশীৰ্বাদ গ্ৰহন কৰে গৌৰৱ গগৈয়ে।

ইয়াৰ পাছত গৌৰৱ গগৈক শিলচৰ আৱৰ্ত ভৱনলৈ আদৰি নিয়া হয়। তাতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বৰখলা আৰু কাটিগৰা সমষ্টিৰ চাৰিটা আশ্ৰয়‌ শিবিৰ পৰিদৰ্শন কৰে।কাটিগৰাৰ পৰা সন্ধিয়া আৱৰ্ত ভৱনলৈ উভতি আহি নিশা তাতে কটাব।‌ বৃহস্পতিবাৰে গৌৰৱ গগৈ শিলচৰৰ দুই এটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দিনৰ ১১ বজাত গুৱাহাটীলৈ উভতি যাব।

গৌৰৱ গগৈ