গোবিন্দপুৰ মাদ্ৰাছাত প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ

গৌৰৱ গগৈয়ে শেহতীয়া বৰাক ভ্ৰমণৰ সময়ৰ সকলো তথ্য বা ফটো, ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে যদিও উক্ত মাদ্ৰাছা ভ্ৰমণৰ ফটো বা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা নাই ৷

author-image
Asomiya Pratidin
New Update
হজৰত মৌলনা আহমেদ চায়েদ চাহেব গোবিন্দপুৰিক সাক্ষাৎ

হজৰত মৌলনা আহমেদ চায়েদ চাহেব গোবিন্দপুৰিক সাক্ষাৎ

ডিজিটেল সংবাদ, শিলচৰঃ অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে শেহতীয়া বৰাক ভ্ৰমণৰ সময়ত বৰাকৰ এখন বিশেষ মাদ্ৰাছাত উপস্থিত হয় ৷ এই সন্দৰ্ভত শিলচৰৰ ‘জুনাইদ মেহফিল টিভি’ নামৰ এটা ফেচবুক পেজে এক ভিডিঅ’ প্ৰকাশ কৰিছে ৷ বৰাক ভ্ৰমণৰ বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে কংগ্ৰেছৰ সভাপতি তথা সংসদৰ উপ-দলপতি গৌৰৱ গগৈয়ে বৰাকৰ গোবিন্দপুৰত আমজামিঞা তুল ইছলামিয়া খান খায়ি মদনিপূৰ্ব মাদ্ৰাছাত উপস্থিত হোৱা বুলি ভিডিঅ’টোত উল্লেখ কৰা হৈছে ৷ 

Advertisment

সভাপতিগৰাকীয়ে মাদ্ৰাছাখনত উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ ইছলামিক গুৰু হজৰত মৌলনা আহমেদ চায়েদ চাহেব গোবিন্দপুৰিক সাক্ষাৎ কৰে ৷ হজৰত মৌলনা আহমেদ চায়েদ চাহেবে এই সাক্ষাৎ কেৱল ৰাজনৈতিক সৌজন্য নাছিল, বৰং এক মহৎ বাৰ্তাৰ বাহক আছিল বুলি ভিডি’টোত উল্লেখ কৰে ৷ ইপিনে, কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে শেহতীয়া বৰাক ভ্ৰমণৰ সময়ৰ সকলো তথ্য বা ফটো, ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে যদিও উক্ত মাদ্ৰাছা ভ্ৰমণৰ ফটো বা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা নাই ৷ কংগ্ৰেছ সভাপতিগৰাকীৰ মাদ্ৰাছা ভ্ৰমণৰ উক্ত ভিডিঅ’ সম্প্ৰতি পোহৰলৈ অহাত বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

গৌৰৱ গগৈ