প্ৰাক্তন মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা জ্যেষ্ঠ ৰাজনৈতিক নেত্ৰী গৰাকীক সাক্ষাৎ কৰি তেখেতৰ স্বাস্থ্যৰ খবৰ লয় আৰু আশু আৰোগ্য কামনা কৰে সাংসদ গগৈয়ে।

author-image
Asomiya Pratidin
New Update
a

ডিজিটেল সংবাদ,গুৱাহাটী : আজি সন্ধিয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বুজ ল'লে সাংসদ গৌৰৱ গগৈয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা জ্যেষ্ঠ ৰাজনৈতিক নেত্ৰী গৰাকীক সাক্ষাৎ কৰি তেখেতৰ স্বাস্থ্যৰ খবৰ লয় আৰু আশু আৰোগ্য কামনা কৰে সাংসদ গগৈয়ে।

ইয়াৰোপৰি জ্যেষ্ঠ বিজেপি নেত্ৰীগৰাকীক চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসক সকলৰ পৰাও তেখেতৰ চিকিৎসা আৰু স্বাস্থ্যৰ বিষয়ে বুজ লয় সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈ