শ্ৰীৰামপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

সমাগত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি দেওবাৰে দিনজোৰা কাৰ্য্যসূচী লৈ বিটিচিত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ বিয়লি উপস্থিত হয় গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত

author-image
Asomiya Pratidin
New Update
web ap gaurav

ডিজিটেল সংবাদ, গোসাইগাঁও : সমাগত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি দেওবাৰে দিনজোৰা কাৰ্য্যসূচী লৈ বিটিচিত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ বিয়লি উপস্থিত হয় গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত । শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যৰে সাংসদ গগৈয়ে শ্ৰীৰামপুৰত উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছৰ কৰ্মী সমৰ্থকে বিপুল আদৰণী জনায় ।

Advertisment

তেওঁ শ্ৰীৰামপুৰ ব্লক কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচত আদিবাসী পৰম্পৰাগত কলা কৃষ্টিৰ লগতে পুষ্প বৃষ্টিৰে আদৰণী জনায় ৷ ৰাইজৰ উদ্দেশত সভাপতিগৰাকীয়ে কয় যে এইবেলি বিটিচি নিৰ্বাচনত যুঁজ হ'ব আৰু কংগ্ৰেছৰ চৰকাৰ হ'ব।

বিজেপিয়ে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰি দিছপুৰৰ পৰা ৰিমট কন্ট্ৰলৰ দ্বাৰা বড়ো ভূমিক পৰিচালনা কৰি আছে । কংগ্ৰেছৰ শাসন কালত স্থানীয় নেতাক ক্ষমতা প্ৰদান কৰা হৈছিল ।

তেওঁ আৰু কয় যে বড়ো আন্দোলনক মষিমূৰ কৰি বড়ো ছহিদৰ প্ৰতি অন্যায় কৰি বহিৰাগতক ভূমি বিক্ৰী কৰিছে ৷ তেওঁ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ।

gaurav gogoi assam congress