/asomiyapratidin/media/media_files/2025/05/03/HLiAeFngnvdsFV37FvYr.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ গৌৰৱ গগৈৰ গোপন পাকিস্তান ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ সাংসদ সম্বিত পাত্ৰই। আজি দিল্লীত বিজেপিৰ সাংসদ সম্বিত পাত্ৰই কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ বিষয়টো সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আশ্চৰ্য প্ৰকাশ কৰে।
বিজেপিৰ সাংসদগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত এই বিষয়ে উল্লেখ কৰা বুলি কৈ কয় যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতাই গোপনে আটাৰী সীমান্ত পাৰ হৈ ১৫ দিনলৈ পাকিস্তানত কটাই আহিল। কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতাই কাকো একো নজনোৱাকৈ পাকিস্তানলৈ যোৱাটো নিঃসন্দেহে চিন্তাজনক বিষয়।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎকাৰৰ জৰিয়তে প্ৰকাশ কৰা তথ্যৰ উদ্ধৃতিৰে তেওঁ কয় যে কংগ্ৰেছৰ সাংসদজনে নিজকে ধৰা পৰাৰ পৰাৰ ভয়ত বিমানত উঠা নাছিল, সেয়ে তেওঁ লুকাই চুৰকৈ আটাৰী সীমান্ত পাৰ হৈ পাকিস্তানলৈ গৈ ১৫ দিন ইছলামবাদত কটাই আহে। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে, কংগ্ৰেছৰ সাংসদজনৰ সন্তানো ভাৰতৰ নাগৰিক নহয়। এয়া বহুত চিন্তাজনক বিষয় বুলি বিজেপিৰ সাংসদগৰাকীয়ে উদ্বিগ্নতা প্ৰকাশ কৰে।