ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানক সুৰক্ষা প্ৰদানত ব্যৰ্থ মুখ্যমন্ত্ৰীঃ গৌৰৱ গগৈ...

নামঘৰ, সত্ৰ, দৌল, দেৱালয় আদিৰ লগতে মন্দিৰ, মছজিদ, গীৰ্জা সমূহৰ সুৰক্ষা দিব নোৱাৰে তেন্তে তেওঁ নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে পদত্যাগ কৰিব লাগে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2025-06-18 at 7.44.20 PM

ডিজিটেল ডেস্কঃ  ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গো হত্যা কৰা আৰু একাধিক স্থানত প্ৰায়ে গোধনৰ শৰীৰৰ অংশ উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বিষয়টোক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

এই ক্ষেত্ৰত জিলা প্ৰশাসন সমূহক কঠোৰ হোৱা লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে সম্পূৰ্ণ আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ্য যে ধুবুৰীৰ হনুমান মন্দিৰত গো-মাংস উদ্ধাৰ হোৱা কাণ্ডকলৈ মুখ্যমন্ত্ৰীয়ে ধুবুৰীত শ্বুট এণ্ড ছাইটৰো নিৰ্দেশ দিছিল । যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিকাৰীক গুলীৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।

ইমানৰ পাছতো এইবাৰ লখিমপুৰৰ ধৰ্মীয় অনুষ্ঠানৰ সমীপত নিষিদ্ধ গো মাংস উদ্ধাৰ হোৱা ঘটনাক লৈ সৰৱ হৈ পৰিছে বিৰোধী। ৰাজ্যখনৰ ধৰ্মীয় অনুষ্ঠানক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ বুলি মন্তব্য কৰিছে বিৰোধী নেতাই ।

আজি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিষিদ্ধ গো-মাংসৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে। তেওঁ নিজ সামাজিক মাধ্যমত লিখে যে, "অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যদি আমাৰ অসমীয়া সমাজ জীৱনৰ আস্থা,বিশ্বাস আৰু উপাসনাৰ পৱিত্ৰ স্থান সমূহ যেনে নামঘৰ, সত্ৰ, দৌল, দেৱালয় আদিৰ লগতে মন্দিৰ, মছজিদ, গীৰ্জা সমূহৰ সুৰক্ষা দিব নোৱাৰে তেন্তে তেওঁ নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে পদত্যাগ কৰিব লাগে।"

1

সাংসদ গগৈয়ে কেৱল ইমানতে শান্ত নাথাকি মুখ্যমন্ত্ৰীৰ মন্তব্যকো তুলুঙা বুলি উপলুঙা কৰে। দৰাচলতে মুখ্যমন্ত্ৰী এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কৈছিল যে, "এটা বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহে গো মাংসবোৰ মন্দিৰৰ আগত পেলায়। সেই বেয়া মানুহবোৰক বিশেষ সম্প্ৰদায়ৰ মানুহখিনিয়েও বেয়া পায়। ধুবুৰীৰ সেই বিশেষ সম্প্ৰদায়ৰ মানুহেই মোক কৈছে বেয়া মানুহখিনিক মাৰি পেলাবলৈ।"
মুখ্যমন্ত্ৰীয়ে লগতে কয়, যদি হিন্দুই থয়, গাহৰি মাংস থ'ব। বিজেপি, আৰ এছ এছৰ মানুহে গৰুৰ মূৰটো মন্দিৰত পেলালে, কিন্তু বাকী মাংসখিনি কি কৰিব বুলি প্ৰশ্ন কৰিছিল শৰ্মাই। 
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে তেওঁক উভতি ধৰি গৌৰৱ গগৈয়ে লিখে যে, " মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমত মন্তব্য দিওঁতে মুখ্যমন্ত্ৰীৰ আসনখনৰ পদ মৰ্য্যদা,গৰিমা আৰু গাম্ভীৰ্যতা ৰক্ষা কৰি কথা ক'ব লাগে। বিজেপি দলৰ ট্ৰ'ল বাহিনীৰ সদস্যৰ দৰে অতি নিম্নস্তৰৰ আৰু তৰল মন্তব্য কৰিলে একেবাৰেই শোভা নাপায়।"
উল্লেখ্য যে,  গো মাংসক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। গো মাংসৰ সমগ্ৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছে অভিযোগ কৰিছে যে বাহিৰৰ পৰা অহা আৰ এছ এছ, বিজেপিৰ লোকে এই কাণ্ড সংঘটিত কৰিছে।
গৌৰৱ গগৈ