টি এইচ ই ৰেংকিঙৰ গ্ল’বেল বেণ্ডত স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ...

গুৱাহাটী বিশ্ববিদ্যালয়ে টি এইচ ই'ৰ এছিয়া বিশ্ববিদ্যালয়ৰ ৰেংকিঙতো ৩৫১–৪০০ৰ ভিতৰত স্থান লাভ কৰি ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ৪৮ নম্বৰ স্থানলৈ উন্নীত হৈছে...

author-image
Asomiya Pratidin
New Update
dfgdfg

ডিজিটেল সংবাদ, গুৱাহাটী:  উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ে টাইমছ হায়াৰ এডুকেচন (টি এইচ ই)ৰ ২০২৫ চনৰ ৰেংকিংত ১২০১–১৫০০ গ্ল’বেল বেণ্ডত স্থান লাভ কৰিছে।

Advertisment

গুৱাহাটী বিশ্ববিদ্যালয়ে টি এইচ ই'ৰ এছিয়া বিশ্ববিদ্যালয়ৰ ৰেংকিঙতো ৩৫১–৪০০ৰ ভিতৰত স্থান লাভ কৰি ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ৪৮ নম্বৰ স্থানলৈ উন্নীত হৈছে , যিটোৱে মহাদেশীয় স্তৰত বিশ্ববিদ্যালয়খনৰ ক্ৰমান্বয়ে উৰ্দ্ধগামী স্থিতিৰ কথা প্ৰতিপন্ন কৰে। 

উল্লেখযোগ্য যে  ২০২৫ চনৰ টাইমছ হায়াৰ এডুকেচন (THE) এছিয়া বিশ্ববিদ্যালয় ৰেংকিং ২০২৫ চনৰ ২৩ এপ্ৰিলত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় । যোৱা ২৫ এপ্ৰিলত অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্ৰিংশ দীক্ষান্ত সমাৰোহৰ সফল পৰিসমাপ্তিৰ পিছতে বিশ্ববিদ্যালয়খনলৈ এই গৌৰৱৰ বাৰ্তা আহে ।

বিশ্ববিদ্যালয়ৰ এই সফলতাৰ পিছতে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে, "এই ৰেংকিং আমাৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বাবে এক সামূহিক প্ৰচেষ্টাৰ সফলতাৰ ফল । নতুন শিক্ষা নীতিৰ সৈতে সংলগ্ন পাঠ্যক্ৰম আৰু ডিজিটেল পদ্ধতিৰ পৰা আৰম্ভ কৰি উচ্চমানৰ গৱেষণামূলক কামকাজলৈ আমি আৰম্ভ কৰা পদক্ষেপসমূহক প্ৰতিপন্ন কৰাৰ লগতে এই সফলতাই আমাক আৰু অধিক প্ৰত্যাশামূলক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।"

উল্লেখযোগ্য যে যোৱা এটা বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নাক (NAAC) ৰ পৰ্যবেক্ষণত এ+গ্ৰেড, ২০২৪ৰ এন আই আৰ এফ (NIRF) ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ১৩ নম্বৰ স্থান লাভ তথা আৰু আই এছ অ’ ৯০০১:২০১৫ প্ৰমাণপত্ৰ লাভ কৰিছে।  ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনৰ অধ্যাপক ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তথা বিশ্ববিদ্যালয়খনৰ স্কোপাছ এইচ-ইণ্ডেক্স এতিয়া ১০৬ ত আছে।

অলপতে কৌশলগত দক্ষতা বৃদ্ধিৰ এক পদক্ষেপ হিচাপে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনত এটা ৫ জি লেব উদ্বোধন কৰিছিল। বিশ্ববিদ্যালয়খনৰ TERI আৰু NIELIT ৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিয়ে জলবায়ু গৱেষণা আৰু উদীয়মান প্ৰযুক্তিৰ সুযোগ সম্প্ৰসাৰণ কৰিছে; আৰু চলিত বৰ্ষৰ শেষৰ ফালে এটা "জি ইউ–টেৰী চেণ্টাৰ ফৰ হিমালয়ান ষ্টাডিজ" মুকলি কৰিবলৈ বিশ্ববিদ্যালয় সাজু হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সফলতাই এই ৰেংকিংত টি এইচ ই এছিয়া বিশ্ববিদ্যালয় ৰেংকিঙত ৫০১-৬০০ (বিশ্বজুৰি ১৫০১+)ত থকা তেজপুৰ বিশ্ববিদ্যালয়কো চেৰ পেলাইছে । উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই আৰু উল্লেখ কৰে যে এই ৰেংকিঙে আন্ত:বৈয়য়িক অধ্যয়ন আৰু গোলকীয় প্ৰচাৰ-প্ৰসাৰৰ যোগেদি বিশ্ববিদ্যালয়খনৰ গৱেষণাৰ দিশটো অধিক শক্তিশালী কৰাৰ গভীৰ সংকল্পক দৃঢ়তৰ কৰি তুলিছে । 

১৯৪৮ চনত প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ত বৰ্তমান ৪৯টা বিভাগ, ৩০০ৰো অধিক সংযুক্ত মহাবিদ্যালয় আৰু ৩ লাখতকৈ অধিক শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে। প্ৰতিষ্ঠানটোৱে ৮০ বছৰীয়া জয়ন্তীৰ কাষ চাপি অহাৰ লগে লগে এই ৰেংকিঙৰ সফলতাই ইয়াৰ আঞ্চলিক শক্তিৰ পৰা বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত জ্ঞানৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ সংকেত বহন কৰিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়