/asomiyapratidin/media/media_files/2025/05/01/IHF2MaygYOBEAeUQF8XV.jpg)
ডিজিটেল ডেস্কঃ যাৰ একান্ত প্ৰচেষ্টাৰ বাবে অসমীয়া ভাষাতো আজিও সমৃদ্ধিশালী ভাষা হিচাপে জীয়াই আছে। যাৰ পৰিশ্ৰম আৰু সাধনাৰ বাবে অসমীয়া ভাষা আজি ধ্ৰুপদী ভাষাৰ পৰ্যায় পালেগৈ। সেই গৌৰৱময় যাত্ৰাৰ অন্যতম এগৰাকী কাণ্ডাৰীৰ আজি মৃত্যু তিথি। আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৯সংখ্যক মৃত্যু তিথি।
ভাষাৰ ওজা গৰাকীৰ ১২৯ সংখ্যক মৃত্যু তিথিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা তেওঁৰ প্ৰতিমূৰ্তিস্থলীত বুধবাৰে পুৱা অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত আৰু সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি জয়ন্ত বৰুৱাই বন্তি প্ৰজ্বলনেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। সমগ্ৰ অনুষ্ঠানটিত আঁত ধৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।
ইয়াৰ পাছতে হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্প বৃষ্টিৰে ভাষাৰ ওজা গৰাকীক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে- প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, অসমীয়া প্ৰতিদিন সঞ্চালক ঋষি বৰুৱা, বিশিষ্ট ভাষাবিদ তথা গৱেষক উপেন ৰাভা হাকাচাম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কামালুদ্দিন আহমেদ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, অসমীয়া প্ৰতিদিন কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তা, কাৰ্যকৰী সভাপতি ডাঃ জয়দ্বীপ শৰ্মা, উপ সভাপতি ইছফাকুৰ ৰহমান, অৱণী সুত্ৰধৰ, অনুপ ৰায়চৌধুৰীকে ধৰি অনুষ্ঠানটোত উপস্থিত থকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে।
অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক স্মৰণ কৰি কয় যে, অসমীয়া ভাষাৰ সংকট কালত যুঁজ দিয়া অন্যতম এগৰাকী কাণ্ডাৰী হৈছে হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষালৈ তেওঁ যি অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল, এই অৱদানৰ জৰিয়তে আজি আমি যিটো ভাষা প্ৰয়োগ কৰিছো, যিটো মান্য ভাষা, সেয়া সৰ্বাংগ সুন্দৰ আৰু সম্পূৰ্ণকৈ ব্যৱহাৰ কৰাৰ সুযোগ লাভ কৰিছোঁ।
অসমীয়া ভাষাৰ আধাৰ হেমকোষৰ জৰিয়তে হেমচন্দ্ৰ বৰুৱাই প্ৰতিষ্ঠা কৰিছিল বুলিও উল্লেখ কৰা উপাচাৰ্যগৰাকীয়ে। ভাষাৰ ওজাগৰাকীৰ ব্যাকৰণিক অধ্যয়নৰ লগতে নৱজাগৰণৰ যি ধাৰা সেই ধাৰাৰ কথাকো নিজৰ বক্তব্যত উল্লেখ কৰে উপাচাৰ্যগৰাকীয়ে। নতুন প্ৰজন্মক সেই সময়ৰ অৰ্থনীতি, ৰাজনীতি আৰু সমাজৰ বিষয়ে বিশদ জ্ঞান লাভ কৰিবলৈ হেমকোষ অধ্যয়নৰ পৰামৰ্শ প্ৰদান কৰে তেওঁ।
অনুষ্ঠানটোত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰি নাতি জয়ন্ত বৰুৱাই এক সাৱলীল বক্তব্য দাঙি ধৰে। ভাষাৰ ওজা গৰাকীৰ অসমীয়া ভাষা আৰু জাতিলৈ যি অৱদান সেই অৱদানক নৱপ্ৰজন্মই অনুধাৱন কৰিছে বুলি কয় বৰুৱাই। তেওঁ লগতে কয়- অসমত ৩৬বছৰ জোৰা সময় ধৰি স্কুল-কলেজ, অফিচ-কাছাৰী সকলোতে বঙালী ভাষাৰ প্ৰচলন হৈছিল। সেই সময়ত অসমৰ কেইবাগৰাকীও পুৰোধা ব্যক্তি গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা দেৱ নেতৃত্বত এক বৌদ্ধিক আন্দোলনৰ সূচনা হৈছিল। এই আন্দোলনতে উফৰি পৰিছিল বঙালী ভাষা।
তেখেতসকলে সেই সময়ত বিভিন্ন কাকত-আলোচনীত লেখা-মেলাৰ জৰিয়তে বিট্টিছক বুজাই দিবলৈ চেষ্টা কৰিছিল যে, অসমীয়া ভাষাটো বঙালী ভাষাৰ উপভাষা নহয়, অসমীয়া ভাষাটো হৈছে এটা স্বতন্ত্ৰ ভাষা আৰু অসমীয়া ভাষাটোৰ এটা নিজস্ব স্বকীয়তা আছে। বঙালী ভাষাৰ এই শিকলি ছিঙি ভাষাটোক সমৃদ্ধ কৰা ভাষাৰ ওজাগৰাকীৰ মৃত্যুতিথি এনেদৰে উপযাপন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে।
ভাষাৰ ওজাগৰাকীৰ সৃষ্টিৰাজিক গৱেষণাৰ বিষয় হিচাপে লৈ শেহতীয়াকৈ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীয়ে গৱেষণা কৰি থকাৰ কথাও অনুষ্ঠানত বক্তব্যৰ মাজতে প্ৰকাশ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কামালুদ্দিন আহমেদে। প্ৰতিবাৰৰ দৰে এইবছৰো এই অনুষ্ঠাটিত বহুকেইটা চন্দনৰ পুলি ৰোপন কৰা হয়।
অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামী, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক এডিটৰ মৃদুল কুমাৰ সন্দিকৈৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু আৰ চি চি- ১ ছাত্ৰাৱাসৰ ৬গৰাকী শিক্ষাৰ্থীয়ে গছ পুলি ৰোপন কৰে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাও উপস্থিত থাকে।