/asomiyapratidin/media/media_files/2024/12/01/FsbxSVVbTuRl5HyTKAAj.png)
ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱআভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত আৰু এছ’চিয়েশ্যন অৱ কাৰ্বহাইড্ৰেট কেমিষ্টছ এণ্ড টেকন’লজিষ্ট ইণ্ডিয়াৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে এক আলোচনাচক্ৰ। বিশ্ববিদ্যালয়খনৰ গ্লাইকোছায়েন্স আৰু গ্লাইকোটেকন’লজীৰ শেহতীয়া অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা ৪ ডিচেম্বৰৰ পৰা ফণীধৰ দত্ত আলোচনা চক্ৰ প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সন্মিলন CARBO-XXXVIII ৰ আয়োজন কৰা হৈছে ।
উক্ত অনুষ্ঠানটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত আমেৰিকাৰ পি এফ পি ইণ্ডাষ্ট্ৰীজ, এল এল চিৰ চি ই অ’ ড০ অশোক দেচৰকাৰে বিশ্ববিদ্যালয়ৰ ভিতৰত ভাৰতীয় বিশ্ববিদ্যালয়ৰ ৰেংকিং শীৰ্ষক বিষয়ত মুখ্য ভাষণ প্ৰদান কৰিব ।
আধুনিক গৱেষণাক প্ৰধানভাৱে প্ৰদৰ্শন কৰা, আন্তঃবিষয়ক সহযোগিতাসমূহৰ বিকাশ কৰা আৰু গ্লাইক’চায়েন্সে বিশ্ব স্বাস্থ্য আৰু প্ৰযুক্তিৰ উন্নয়নত থকা গুৰুত্বপূৰ্ণ ভূমিকা প্ৰচাৰ কৰাৰ অৰ্থে আয়োজন কৰা সন্মিলনত জাৰ্মানী, আমেৰিকা, ব্ৰাজিল, ইটালী, নেদাৰলেণ্ড, ভাৰতৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ইয়াৰ বিশ্বব্যাপী তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰিব।
সন্মিলনৰ আহ্বায়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড ⁰ দেৱব্ৰত বৈশ্যই উল্লেখ কৰে যে এই অনুষ্ঠানে গ্লাইকোছায়েন্সৰ আটাইতকৈ উদ্ভাৱনশীল মনৰ লোকসকলক একেলগ কৰি জ্ঞান আৰু ভাবনা বিনিময়ৰ সুযোগ প্ৰদান কৰিব। CARBO-XXXVIII য়ে গ্লাইক’চায়েন্স আৰু প্ৰযুক্তিৰ ভৱিষ্যত গঠন কৰিব পৰা বৈপ্লৱিক আলোচনা আৰু সহযোগিতাৰ এক মঞ্চ প্ৰদান কৰিব । বিভাগটোৱে উক্ত সন্মিলনত সকলোৰে সক্ৰিয় সহায় সহযোগিতা কামনা কৰিছে ।