/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0a3e426b-09b4-462c-b76a-e7a6096a47f2/gauhati_university_24.jpg)
gauhati university
ডিজিটেল ডেস্কঃ ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান গুৱাৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জাৰি কৰা এক জাননী অনুসৰি ২০২২ বৰ্ষৰ কেইবাটাও ষাণ্মাসিকৰ পৰীক্ষা নৱেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব।
বিশ্ববিদ্যালয়খনৰ স্নাতক মহলাৰ কলা, বাণিজ্য, বিজ্ঞান আৰু বিভ'ক পাঠ্যক্ৰমৰ প্ৰথম (এৰিয়াৰ/বেক), তৃতীয়, পঞ্চম ষাণ্মাসিকৰ নিয়মীয়া শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া ২২ অক্টোবৰৰ পৰা আৰম্ভ হৈছে।
আনহাতে প্ৰথম ষাণ্মাসিক (নিয়মীয়া) শিক্ষাৰ্থীসকলৰ পঞ্জীয়ন আৰু পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়াৰ তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি জাননীখনত কোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/404678e4-42b7-430a-8872-74e5a95cd64f/b2bd9432_6419_4da1_9c10_c04580622d5b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/304901a8-a154-45cf-a690-656c04951fc8/b404b3b4_2cb3_470f_99e8_2676184edbbb.jpg)