গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত সাফল্য লাভ কৰা দলক নগাঁও কলেজ (অট’নমাচ)ত উষ্ম আদৰণি...

যুৱ মহোৎসৱত ৫টা সোণ ,৭টা ৰূপ আৰু ৪টা ব্রঞ্জসহ বিপুল সংখ্যক বঁটাৰে দ্বিতীয় স্থান অধিকাৰ

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত সাফল্য লাভ কৰা দলক নগাঁও কলেজ (অট’নমাচ)ত উষ্ম আদৰণি...

youth festival

ডিজিটেল সংবাদ ,বেবেজীয়াঃ শণিবাৰে নগাঁও কলেজৰ অনিল বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আদৰনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূব মাণ্ডলিক যুৱ মহোৎসৱত ৫টা সোণ, ৭টা ৰূপ আৰু ৪টা ব্রঞ্জসহ বিপুল সংখ্যক বঁটাৰে দ্বিতীয় স্থান অধিকাৰ কৰা দলটোক উষ্ম আদৰণি জনোৱা হয়।

Advertisment

আদৰনী অনুষ্ঠানত কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী, কলেজৰ জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱজ্যোতি বৰুৱা, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়া, অধ্যাপক ঋষি ভাৰ্গৱ দাস, তত্বাৱধায়কদ্বয় ড০ মানস জ্যোতি নিৰ্মলীয়া আৰু কল্যানী অধিকাৰী উপস্থিত থাকে।

উৎফুল্লিত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে দলটোৰ প্ৰতিজন সদস্যক অভিনন্দন জনাই মিঠাই বিতৰণ কৰে আৰু আগন্তুক যুৱ মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত ২১ চেপ্তেম্বৰৰ পৰা ২৩ চেপ্তেম্বৰলৈ অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূব মাণ্ডলিক যুৱ মহোৎসৱত সৰ্বমুঠ ২৫ খন কলেজে অংশগ্ৰহণ কৰিছিল। এই মহোৎসৱত নগাঁও কলেজে বিভিন্ন শাখাৰ প্ৰতিযোগিতাত সফলতা লাভ কৰে।

সৰ্বমুঠ ১৬টা শিতানৰ প্ৰতিযোগিতাত বঁটা লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। সংগীত প্ৰতিযোগিতাত স্নাতক পঞ্চম ষান্মাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী শ্ৰদ্ধা বৰগোহাঁয়ে ক্ৰমে জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীতত প্ৰথম স্থান; পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীত, লঘু শাস্ত্ৰীয় সংগীত আৰু সুগম সংগীতত দ্বিতীয় স্থান আৰু বৰগীত প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে।

কলেজৰ আন এগৰাকী অৰ্থনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী চৰমিন সুৰিতাই শাস্ত্ৰীয় সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে।

স্বৰ সংগীত প্ৰতিযোগিতাত বাণিজ্য বিভাগৰ তৃতীয় ষান্মাসিৰ ছাত্ৰী পায়েল ঘোষে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।

সুকুমাৰ কলা শাখাৰ প্ৰতিযোগিতাত ক্লে মডেলিঙত দ্বিতীয় স্থান লাভ কৰে বাণিজ্য বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ ৰাজু দাসে, প্ৰাণীবিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ কংকন শীলে ক’লাজ প্ৰতিযোগিতাত তৃতীয় আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ অংকুৰ ৰাজ কাশ্যপে কাৰ্টুনিঙ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে।

সাহিত্য শাখাৰ স্বৰচিত কবিতা লেখন প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে ইংৰাজী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী মেঘা দেৱীয়ে। কুইজ প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে ভৱসিন্ধু বৰঠাকুৰ, নয়নমণি হীৰা আৰু শিৱৰজন বৰুৱাৰ দলে।

সাংস্কৃতিক বিষয়ৰ প্ৰতিযোগিতাত ব্যংগ নাট প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি কলেজলৈ সুনাম কঢ়িয়াই আনে। ব্যংগ নাটকৰ দলত অংশগ্ৰহণ কৰিছিল ক্ৰমে- শেখৰ জ্যোতি কলিতা, হিমাংশু বৰা, প্ৰিয়ানুজ বৰা, পলাশমণি শৰ্মা, দিবাশ্ৰী বৰা আৰু সঞ্জীবনী বৰাই।

gu youth festival gauhati university