Advertisment

উমৰাংছ'ৰ কয়লাখনিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক এক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে। অহা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰে এই শপতনামা দাখিল কৰিব লাগিব। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ ডিমা হাছাওৰ উমৰাংছুৰ অবৈধ কয়লাখনিত ৰেট হল মাইনিং কৰিবলৈ গৈ প্ৰাণ হেৰুৱা শ্ৰমিকসকলৰ বহুতৰে মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। সমগ্ৰ দেশ জোকাৰি যোৱা এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদৰ সমান্তৰালকৈ গোচৰো ৰুজু কৰা হৈছে।

Advertisment

আৰক্ষীয়ে এই গোচৰৰ আধাৰতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্তৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াকে লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ প্ৰতি দৃষ্টি ৰাখি নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে। 

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক এক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে। অহা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰে এই শপতনামা দাখিল কৰিব লাগিব। 

উল্লেখ্য যে, উচ্চতম ন্য়ায়ালয়ে ৰেট হল মাইনিং নিষিদ্ধ কৰাৰ পাছতো অসমৰ বহু স্থানত এতিয়াও ৰেট হল মাইনিং চলি আছে। উমৰাংছুৰ ঘটনাৰ পাছত তিনিচুকীয়াৰ লিডুৰ লগতে কাৰ্বি আংলং জিলাতো ৰেট হল মাইনিং চলি থকাৰ তথ্য পোহৰলৈ আহিছে। এনে পৰিস্থিতিত এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক কিদৰে এতিয়াও ৰেট হল মাইনিং চলি আছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। 

উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীত উমৰাংছুৰ অবৈধ কয়লাখনিত ৰেট হল মাইনিং কৰিবলৈ গৈ পানীৰ মাজত আৱদ্ধ হৈ পৰিছিল বহু শ্ৰমিক। ৰাজ্য চৰকাৰৰ চৰকাৰী তথ্য অনুসৰি মুঠ ৯ জন শ্ৰমিক আৱদ্ধ হৈ থকা এই কয়লাখনিত বেচৰকাৰী ভাৱে বহু শ্ৰমিক আৱদ্ধ হোৱাৰ অভিযোগ উঠিছিল। 

৬ জানুৱাৰীৰ পুৱা ১০ বজাতে কয়লাখনিত আদ্ধ হোৱা শ্ৰমিকক উদ্ধাৰৰ বাবে সেইদিনাই বিয়লিৰ পৰা উদ্ধাৰ অভিযান চলিছিল যদিও এই পৰ্যন্ত আটাইকেইজন শ্ৰমিকক উদ্ধাৰ কৰিব সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে। ভাৰতীয় সেনা, এছ ডি আৰ এফ, এন ডি আৰ এফ, ভাৰতীয় নৌ সেনাই চলোৱা উদ্ধাৰ অভিযানত মুঠ ৪ জন শ্ৰমকিককহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বাকী কেইজন শ্ৰমিক এতিয়াও কালমাটিৰ সেই অবৈধ কয়লাখনিতে আৱদ্ধ হৈ আছে। 

অভিযোগ অনুসৰি ডিমা হাছাওৰ এই অবৈধ কয়লাখনিৰ সৈতে জড়িত উত্তৰ  কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাই। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈছে কেইবাটাও গোচৰ। কিন্তু এই পৰ্যন্ত তেওঁৰ বিৰুদ্ধে লোৱা নাই কোনো পদক্ষেপ। 

গুৱাহাটী উচ্চ ন্যায়ালয়