প্রজ্ঞান ভাৰতী আঁচনিক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

বিভাগটোক ৪ সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশনা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে, স্কুটীৰ পৰা বঞ্চিত প্রায় ২৫০ শিক্ষাৰ্থীয়ে এই সন্দৰ্ভত লেখ আবেদন দাখিল কৰা পাছতে উচ্চ ন্যায়ালয়ে  বিষয়টোক গুৰুত্ব সহকাৰে লয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
cvcbvb

ডিজিটেল সংবাদ,গুৱাহাটীঃ  শিক্ষা বিভাগৰ প্রজ্ঞান ভাৰতী আঁচনিক লৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। বিভাগটোৰ বিৰুদ্ধে যোগ্যতা থকা সত্বেও আঁচনিৰ অধীনত স্কুটী প্রদান কৰা নকৰাৰ অভিযোগ উত্থাপন হৈছে।

এই লৈ বিভাগটোক ৪ সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশনা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে, স্কুটীৰ পৰা বঞ্চিত প্রায় ২৫০ শিক্ষাৰ্থীয়ে এই সন্দৰ্ভত লেখ আবেদন দাখিল কৰা পাছতে উচ্চ ন্যায়ালয়ে  বিষয়টোক গুৰুত্ব সহকাৰে লয়।

লগতে আবেদনৰ ভিত্তিত শুনানি গ্রহণ কৰি চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। গোচৰটো চলি থকাৰ মাজতে বঞ্চিত শিক্ষাৰ্থীক স্কুটী প্রদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্রীয়ে। বিষয়টো ন্যায়ালয়ৰ দৃষ্টি গোচৰ কৰে চৰকাৰী অধিবক্তাই। 

গুৱাহাটী উচ্চ ন্যায়ালয়