/asomiyapratidin/media/media_files/2025/01/21/T9nevSeBsSii16BvAHZo.jpg)
ডিজিটেল ডেস্কঃ কলিয়াবৰ-নুমুলীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ দিশ সলনি কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন। ৬৫ জন বিশিষ্ট লোকে দাখিল কৰা ৩৮/২০০৮ নম্বৰৰ এই পিআইএল ৰ শুনানি গ্ৰহণ কৰি সোমবাৰে কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য় চৰকাৰ,ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকে ধৰি ৫ টা পক্ষলৈ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে।
উত্থাপিত অভিযোগ সন্দৰ্ভত এই ৫ পক্ষই দুসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিব লাগিব ন্যায়ালয়ত। উল্লেখযোগ্য যে, পূৰ্ব ৩৭ নং আৰু বৰ্তমানৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰৰ পৰা জাঁজীলৈকে নিৰ্মাণ কৰা হ'ব।
কাজিৰঙাৰ বনাঞ্চলৰ পৰা নিলগত এই পথটো নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল যদিও এক শক্তিশালী চক্ৰৰ হেঁচা আৰু লাভ বাবে তেওঁলোকৰ মালিকাধীন ব্যৱসায় প্ৰতিষ্ঠান আৰু কৃষিভূমিৰ মাজেৰে এই পথ নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহ্বান জনাইছিল এই পিআইএলখনত।