GATE ২০২২ৰ বাবে কেনেদৰে চলাব প্ৰস্তুতি…

GATE ২০২২ৰ বাবে কেনেদৰে চলাব প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
GATE ২০২২ৰ বাবে কেনেদৰে চলাব প্ৰস্তুতি…

ডিজিটেল ডেস্কঃ দেশৰ লগতে বিদেশত পোষ্ট গ্ৰেজুৱেট আৰু পিএইচডি পৰ্যায়ত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে এটা উল্লেখযোগ্য পৰীক্ষা হ'ল GATE (Graduate Aptitude Test in Engineering)। ২০২২ বৰ্ষৰ গেটৰ বাবে অতি শীঘ্ৰেই জাননী আৰু ইয়াৰ তাৰিখ ঘোষণা কৰা হ'ব। এই পৰীক্ষালৈ প্ৰস্তুতি কি দৰে চলাব? দেশৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাৰ বাবে অপেক্ষা কৰি থাকে।

Advertisment

দ্য ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী, কানপুৰেও এই সন্দৰ্ভত আৰু পৰীক্ষা তাৰিখ শীঘ্ৰেই ঘোষণা কৰিব। এই পৰীক্ষাত দুখন নতুন কাকত সংযোজন কৰাৰ সম্ভাৱনা আছে। এই লেখাত আমি আপোনাক সেই টিপছ আৰু ইয়াৰ দুটা পৰ্যায়ৰ সন্দৰ্ভত কিছু কথা কম। এই পৰীক্ষাৰ দুটা গুৰুত্বপূৰ্ণ ভাগ হ'ল জেনেৰেল এপ্টিটিউড আৰু ইঞ্জিনিয়াৰিং মেথামেটিকছ।

গেট ২০২২ৰ বাবে প্ৰস্তুতি কেনেদৰে চলাব

ইয়াৰ কি পাৰ্টিকুলাৰ্ছ সমূহ হ'ল-

  • এই পৰীক্ষাৰ অনুষ্ঠিত হয় কম্পিউটাৰ বেছ টেষ্ট চমুকৈ চিবিটিৰ আধাৰত।
  • অপশ্যনেল পেপাৰ্ছৰ নম্বৰ ২৭।
  • ইয়াৰ দুটা শাখা হ'ল- জেনেৰেল এপ্টিটিউড (জিএ) আৰু কেণ্ডিডেটছ চুজেন ছাবজেক্ট।
  • এই পৰীক্ষাৰ প্ৰশ্নসমূহ মাল্টিপ'ল চইছ প্ৰশ্ন, মাল্টিপল ছিলেক্ট প্ৰশ্ন আৰু নিউমেৰিকেল এন্সাৰ টাই প্ৰশ্ন।
  • মুঠ প্ৰশ্নৰ সংখ্যা ৭৫টা।
  • ইয়াৰে ১০টা জেনেৰেল এপ্টিটিউট আৰু ৫৫টা অপশ্যনেল পেপাৰৰ।
  • পৰীক্ষাৰ এগ্ৰিগেট নম্বৰ ১০০।
  • ১৫ নম্বৰ জিএ-ৰ আৰু ৮৫ নম্বৰ অপশ্যনেল পেপাৰৰ।

কেনেদৰে প্ৰস্তুতি চলাব গেট ২০২২ৰ বাবেঃ গেটৰ ছিলেবাছ

  • গেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ প্ৰয়োজনীয় পাঠ্যক্ৰম তলত দিয়া ধৰণৰ। ইতিমধ্যে আমি উল্লেখ কৰিছো যে দুটা ভাগত এই পাঠ্যক্ৰম ভাগ কৰা আছে। তাৰে এটা হ'ল জেনেৰেল এপ্টিটিউড, আনটো হ'ল ইঞ্জিনিয়াৰিং মেথমেটিকছ।
  • জেনেৰেল এপ্টিটিউডৰ ভিতৰত পৰীক্ষাৰ্থীসকলে ভাৰ্বেল এপ্টিটিউটত ইংৰাজী গ্ৰামাৰ, আৰ্টিকল, প্ৰিপ'জিশ্যন, একজেকটিভ, এডভাৰ্ব, টেন্স, কনজাম্পশ্যন, ভাৰ্ব-নাউন, এগ্ৰিভেন্ট আৰু স্পিচৰ বিষয়ে পঢ়িব লাগিব।
  • ভকিউবুলেৰীঃ ৱৰ্ড, ইডিয়ামছ, ফেচ ইন কনটেক্টছ, ৰিডিং এণ্ড কম্প্ৰিহেন্সম, নেৰেটিভ, ছিকিউৱেন্সিং আদি আছে এই ছিলেবাছত।
  • কোৱান্টেটিভ এপ্টিটিউডত নিউমেৰিকেল কম্পিটিউশ্যন এণ্ড এষ্টিমেশ্যনঃ ৰেচিঅ', পাৰ্ছেন্টেএছ, পাৱাৰ্ছ, এক্সপ'নেন্টছ এণ্ড লগাৰ্থিমছ, পিমুটেশ্যন এণ্ড কম্বিনেশ্যন, এন ছিৰিজ, ডাটা আদি বিষয়ক প্ৰশ্ন আহিব।
  • ইয়াৰ আন এটা ভাগ হ'ল- এনালেটিক এপ্টিটিউড। য'ত ল'জিক, ডিডাকশ্যন এণ্ড ইণ্ডাকশ্যন, নিউমেৰিকল ৰিলেশ্যন , এনালগী আদি আছে।
  • আনটো ভাগ হ'ল- ইঞ্জিনিয়াৰিং মেথমেটিকছ।
  • এই দুই ভাগৰ পাঠ্যক্ৰমৰ ছিলেবাছৰ সবিশেষ তলত সংলগ্ন কৰা হৈছে।

কেনেদৰে গেট ২০২২ৰ বাবে প্ৰস্তুতি চলাব, টিপছঃ

মৌলিক বিষয় যেনে- লিনিয়াৰ ইকুৱেশ্যন, কুৱাড্ৰেটিক ইকুৱেশ্যন, প্ৰবেবিলিটী বেছিকছ, ছিম্প্লিফিকেশ্যন/এপ্ৰক্সিমেশ্যন আদি দুয়োটা শাখাৰ বাবে আপোনাৰ পৰামৰ্শ আৰু জ্ঞান সম্পূৰ্ণৰূপে থাকিব লাগিব।

আপোনাৰ প্ৰকৃত প্ৰস্তুতি আৰম্ভ কৰাৰ আগতে নিশ্চিত কৰিব যে আপোনাৰ এই বিষয়বোৰ সম্পূৰ্ণভাৱে বুজি পাইছে। ইঞ্জিনিয়াৰিং গণিতৰ কাকত, লিনিয়াৰ এলজেব্ৰা আৰু কেলকুলাছ হৈছে পৰৱৰ্তী বিশ্লেষণ আৰু প্ৰশ্নৰ মেৰুদণ্ড।

মেট্ৰিক্স, ইজেনভেল্যু, ডায়গ'নেলাইজেশ্যন, ডিফেৰেনটেশ্যন, কন্টিউনিটী আৰু ডিফেৰেনচিয়েবিলিটী, টেইলৰ্ছ থিয়ৰাম আদি বিষয়বোৰ আন বহুতো বিষয়তো প্ৰশ্নৰ সন্মুখীন হয়।

আপুনি গেট পাঠ্যক্ৰমত লক্ষ্য কৰিব পাৰে, কিছুমান বিষয়ত প্ৰমাণ আৰু/বা এপ্লিকেচনৰ প্ৰয়োজন নাই। সেয়েহে, প্ৰমাণৰ অপ্ৰয়োজনীয় উদ্ভৱ নকৰিব আৰু প্ৰাসঙ্গিক প্ৰশ্নবোৰৰ ওপৰত গুৰুত্ব দিব।

বিগছ বৰ্ষবোৰৰ কাকতবোৰ চাব লাগে। আৰু ইয়াৰ মুখ্য উপাদানবোৰ আলোকপাত কৰিবলৈ চেষ্টা কৰিব লাগে। নিৰ্দেশনাবোৰ মনোযোগেৰে পঢ়িব লাগে।

শব্দৰ জ্ঞানৰ ভাণ্ডাৰো গেট পৰীক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ। শব্দভাণ্ডাৰ সবল কৰিবলৈ কেৱল শব্দ এটাৰ অৰ্থ শিকিলেই নহ'ব, সেই শব্দটোৰ সমাৰ্থক শব্দ, বিপৰীত শব্দ, অনুবাদ, অন্যান্য অৰ্থ, বাক্যৰ ব্যৱহাৰ শিকাৰো প্ৰয়োজন।।

জিএ-ত তাত্ত্বিক জ্ঞানতকৈ বুদ্ধিমত্তা আৰু যুক্তিৰ অধিক প্ৰয়োজন। আনহাতে,  ইঞ্জিনিয়াৰিং গণিতত ভাল হ'বলৈ প্ৰতিদিনাই অনুশীলন কৰাৰ প্ৰয়োজনীয়তা আছে।

প্ৰতিদিনাই জিএ আৰু ইঞ্জিনিয়াৰিং গণিত দুয়োটা বিষয়ত ২ ঘন্টাকৈ সময় অনুশীলনৰ বাবে ল'ব লাগে।ইয়াৰ দ্বাৰা বিষয়টো শিকাত সহায় হয়।