/asomiyapratidin/media/media_files/2025/06/19/sidli-19-2025-06-19-22-32-16.jpg)
ডিজিটেল সংবাদ, চিৰাং: ভুক্তভোগীয়ে ন্যায় বিচাৰি চিদলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ ২৪ ঘন্টাৰ পিছতো চিদলী থানাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰা আৰু অভিযুক্ত কলক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন কৰি আজি একাংশ ক্ষোভিত ৰাইজে চিদলী আৰক্ষী থানাৰ সন্মুখত একত্ৰিত হৈ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এজাহাৰ দাখিল কৰা ২৪ ঘন্টা উকলি যোৱাৰ পিছতো চিদলী থানাৰ আৰক্ষীয়ে কিয় গোচৰ পঞ্জীয়ন কৰা নাই এই কথা জানিবলৈ অভিযোগকাৰীসহ অৰ্ধ শতাধিক লোক গৰুভাষাৰ পৰা আহি চিদলী থানাত উপস্থিত হয়।
এজাহাৰকাৰী ছানচুমৈ মুছাহাৰীৰ নামৰ এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰি কয় যে, যোৱা ১৬ জুনৰ নিশা গৰুভাষা ভি চি ডি চিৰ সভাপতি তথা ইউ পি পি এল দলৰ নেতা বিপুল মুছাহাৰীক ইউ পি পি এল দলৰে এটা ফৈদে বাসগৃহত গৈ দলবদ্ধ আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰিছিল। আক্ৰমণত গুৰুতৰ ভাবে বিপুল মুছাহাৰী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।
বিপুল মুছাহাৰীৰ পত্নীয়ে আজি স্বামীক প্ৰাণঘাতী আক্ৰমণ কৰা অভিযুক্তসকলৰ বিৰুদ্ধে বুধবাৰে দিনৰ ভাগতে গৰুভাষা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে বিভিন্ন অজুহাত দেখুৱাই গোচৰ পঞ্জীয়ন কৰাৰ পৰা বিৰত আছে। তাৰোপৰি তেওঁৰ ৰুজু কৰা গোচৰ চিদলী থানাত পঞ্জীয়ন কৰা হ’ব বুলি তেওঁক অৱগত কৰা হৈছিল।
কিন্তু এজাহাৰ দাখিল কৰাৰ ইতিমধ্যেই ২৪ ঘন্টা উকলি গৈছে যদিও আজিও চিদলী থানাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাই। কি অদৃশ্য কাৰণত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাই সেয়া জানিব বিচাৰি চিদলীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা চক্ৰ আৰক্ষী বিষয়া দেৱজিত শৰ্মাৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় বিপুল মুছাহাৰীৰ পত্নী ছানচুমৈ মুছাহাৰী। তাৰ পিছতেই তেওঁলোকে থানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ বাধ্য হয় বুলি প্ৰকাশ কৰে।
আজিৰ ভিতৰত যদি চিদলী থানাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰে আৰু আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ নকৰে তেনেহলে চিদলী থানাৰ আৰক্ষীৰ বিৰুদ্ধে আদালতত গৈ হ’লেও আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে বিপুল মুছাহাৰীৰ পত্নী ছানচুমৈ মুছাহাৰীয়ে। ইপিনে চিদলী থানাত ৰাইজৰ প্ৰতিবাদ কৰাৰ কথা জানিব পাৰি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা চিদলী আৰক্ষী থানাত উপস্থিত হয় আৰু ভুক্তভোগী মহিলাগৰাকীৰ সৈতে আলোচনা কৰি অৱশেষত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তসকলক আটক কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে পৰিস্থিতি স্বাভাৱিক হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us