/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3211472e-a783-4673-90b5-74ba65fad4bd/e3f800c3_8854_40c0_8e4e_7ea562a58381.jpg)
ডিজিটেল ডেস্কঃ মুকলি ৬মাহ নৌহওঁতেই ফাঁট মেলিল গড়চুক উৰণ সেতু। ৩০০কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হোৱা গড়চুক উৰণ সেতুঁৰ মাজভাগত ফাঁট মেলাৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত।
উক্ত উৰণ সেতুখন নিৰ্মাণৰ দায়িত্বত থকা বুইল্টে টেক নামৰ প্ৰতিস্থানটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী উত্থাপিত হৈছে। উক্ত স্থানত এতিয়ালৈকে ১১টাকৈ পথ দুৰ্ঘটনাত সংঘটিত হৈছে।
ইফালে ৩০০কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হোৱা এই উৰণ সেতুখন ইমান কম সময়ৰ ভিতৰতে ফাঁট মেলা ঘটনাৰ উচিত তদন্তৰো আশা কৰিছে ৰাইজে।