ডিজিটেল সংবাদ ,নগাঁও: ৰাজ্য জোকাৰি যোৱা নগাঁও জিলাৰ গড়াজানত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে। উল্লেখ্য যে ২৭ নৱেম্বৰত হ'বলগা বিয়াৰ প্ৰস্তুতিক লৈ ব্যস্ততাৰ মাজত শুকুৰবাৰৰ নিশা প্ৰায় ৮:৩০ বজাত গড়াজানৰ এটা পৰিয়ালৰ তিনি সদস্য সহ চাৰিজনকৈ লোকক চোকা অস্ত্ৰৰে এফালৰ পৰা ডিঙি কাটি কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে হত্যা কৰি দলটো নিৰ্বিঘ্নে পৰাই যাবলৈ সক্ষম হয়।
হত্যাৰ বলি হোৱা লোক কেইজন আছিল গুণধৰ সৰকাৰ, তেওঁৰ পত্নী সৰুজনী সৰকাৰ আৰু কন্যা জয়াস্মিতা সৰকাৰ। আনহাতে, ঘটনাস্থলীৰ পৰা অনুপম সুত্ৰধৰ নামৰ আন এজন যুৱকৰ মৃতদেহো আৰক্ষীয়ে উদ্ধাৰ কৰে । যুৱকজন কি পৰিস্থিতিত উক্ত স্থানত হত্যাৰ বলি হ'ল সেই বিষয়ে প্ৰথমে জানিব পৰা হোৱা নাছিল ।
শনিবাৰে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো চিনাক্ত কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে অনুপমৰ ঘৰ নগাঁও চহৰৰ তেতিয়াপট্টিত। আনহাতে এই সমগ্ৰ হত্যাকাণ্ডটোৰ লগত এক প্ৰেমজনিত বিষয় জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে । মন কৰিবলগীয়া বিষয় এই যে হত্যাৰ বলি হোৱা পৰিয়ালটোৰ কনিষ্ঠ কন্যা তথা নগাঁৱত কৰ্মৰত টেট শিক্ষয়িত্ৰী গৰাকীৰ অহা ২৭ নৱেম্বৰত বিয়াৰ দিন স্থিৰ কৰা হৈছিল।
এই শিক্ষয়িত্ৰী গৰাকীৰ সৈতে অনুপম সুত্ৰধৰৰ এক দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল । অৱশ্যে ২০২২ চনত তেওঁলোক দুয়োৰে মাজত প্ৰেমৰ দীৰ্ঘদিনীয়া সম্পৰ্কত ঘুনে ধৰিছিল। এই কথা আজি নগাঁও জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক জনায়। জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক আৰু জানিবলৈ দিয়া মতে দুয়োজনৰ মাজত হোৱা প্ৰেম বিবাদক কেন্দ্ৰ কৰি নগাঁও সদৰ আৰক্ষী থানাত একাধিক গোচৰো ৰুজু হৈ আছে।
যাৰ বাবে প্ৰেমিকাৰ বিয়া ঠিক হোৱাৰ কথা জানি হতাশগ্ৰস্ত হৈ যুৱতী গৰাকীৰ প্ৰাক্তন প্ৰেমিকজনে অৱশেষত প্ৰেমিকা সহ পৰিয়ালৰ লোকক হত্যা কৰাৰ পৰিকল্পনা কৰে। এই পৰিকল্পনাৰ অংশ হিচাপে কালি পৰিয়ালটোৰ তিনিজন লোকক হত্যা কৰিবলৈ সক্ষম হয় যদিও শিক্ষয়িত্ৰী প্ৰেমিকা গৰাকী ঘৰত নথকাৰ বাবে তেওঁ দৈৱক্রমে ৰক্ষা পৰে।
অৱশ্যে শুকুৰবাৰে প্ৰেমিকাৰ ঘৰখনত থকা তিনিজনক হত্যা কৰি প্ৰেমিক অনুপমে নিজেও আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। ইয়াৰ বিপৰীতে আন এক চৰ্চিত খবৰ অনুসৰি, অনুপম সুত্ৰধৰে ছুপাৰী কিলাৰৰ জৰিয়তে প্ৰেমিকাৰ পৰিয়ালৰ লোকক হত্যা কৰে আৰু ছুপাৰী কিলাৰে তথ্য প্ৰমাণ নষ্ট কৰিবলৈ অৱশেষত অনুপমকো হত্যা কৰে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে প্ৰকৃত ৰহস্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
আনহাতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে প্ৰাক্তন প্ৰেমিক অনুপমে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ কৰে। ইপিনে, সমগ্ৰ ঘটনাটো তদন্ত কৰিবলৈ শুক্ৰবাৰে নিশা ঘটনাস্থলীত ফৰেনচিকৰ এটা দলৰ লগতে চি আই ডিৰ এটা দল উপস্হিত হৈ পৃথকে পৃথকে তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত প্ৰেমিক অনুপম সুত্ৰধৰ আৰু গড়াজানৰ একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃতদেহ সংশ্লিষ্ট পৰিয়ালৰ লোকক চমজাই দিয়ে আৰক্ষীয়ে।
শনিবাৰে সন্ধিয়া এক শোকাকুল পৰিৱেশত গড়াজানত পৰিয়ালটোৰ তিনিওজন লোকৰ চিতা একলগে জ্বলি উঠা দৃশ্যই অঞ্চলবাসীক শোকাবিভূত কৰি তোলে। আনহাতে, গড়াজানৰ নাৰকীয় হত্যা কাণ্ডৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে।
আজি সংগঠনটোৰ এটা সজাতী দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ হত্যা কাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ফাঁচিৰ দাবী জনায়। তদুপৰি, বঙালীৰ ভোট লৈ শাসনত থকা মুখ্যমন্ত্ৰীক ঘটনাৰ ন্যায় দিয়াৰ দাবী উত্থাপন কৰে। লগতে আৰক্ষী প্ৰশাসনে শীঘ্ৰেই হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিব নোৱাৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।