/asomiyapratidin/media/media_files/2025/06/13/nJ7KRcO42mttrOxVnzPn.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে প্ৰথম শ্ৰেণী লাভ কৰি মহাবিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ ১২গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন বিভাগৰ প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰাৰ লগতে উদ্ভিদ বিজ্ঞান বিভাগ, ৰসায়ন বিজ্ঞান বিভাগ, ভূতত্ত্ব বিভাগ, গণিত বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ, পৰিসংখ্যা বিজ্ঞান বিভাগ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ শতাধিক শিক্ষার্থীয়ে প্রথম শ্রেণী লাভ কৰা বতৰাই মহাবিদ্যালয় পৰিয়ালক উৎফুল্লিত কৰিছে।
বিশেষকৈ ভূতত্ত্ব বিভাগৰ কৌস্তভমণি ভূঞা আৰু গণিত বিভাগৰ প্ৰাণজিৎ গগৈয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি মহাবিদ্যালয়খনিলৈ সফলতাৰ গৌৰৱ কঢ়িয়াই আনিছে। তদুপৰি ভূতত্ত্ব বিভাগৰ নৱাজিছ চাৰনে খান, অনুস্কা দেৱী, বাস্তৱ বৰবৰুৱা, অৰ্পণা সোণোৱাল, পূজা গগৈ, কাশ্মীৰী কুঁৱলী চাবুকধৰা, তন্ময় বৰুৱা, বাস্তৱ ৰাজখোৱা আৰু কুকিল চাংমায়ে ক্ৰমে প্ৰথম শ্ৰেণীৰ দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম আৰু দশম স্থান লাভ কৰিছে।
একেদৰে পৰিসংখ্যা বিজ্ঞান বিভাগৰ মনদ্বীপ গগৈয়ে প্ৰথম শ্ৰেণীৰ ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্র-ছাত্ৰীৰ এনে সফলতাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তৰ লগতে মহাবিদ্যালয় পৰিয়াল অতি উৎফুল্লিত হৈ পৰিছে।
অধ্যক্ষ ড° মহন্তই এই সাফল্যৰ আঁৰৰ শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনবোৰতো গড়গাঁও মহাবিদ্যালয়ৰ বিদ্যায়তনিক সফলতাৰ ধাৰা বৰ্তাই ৰাখিবলৈ নিশ্চিতভাৱে প্ৰয়াস কৰা হ'ব বুলি ব্যক্ত কৰে।