'নাক'ৰ মূল্যায়নত গড়গাঁও মহাবিদ্যালয়ৰ 'এ' গ্ৰেড লাভ

ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাস্থিত অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ে ‘নাক’ৰ চতুৰ্থ মূল্যায়নত 'এ' গ্রেড লাভ কৰিবলৈ সক্ষম হৈছে। নাকৰ মূল্যায়নত 'এ গ্রেড' লাভ কৰাত মহাবিদ্যালয়খনত আনন্দৰ জোৱাৰ উঠিছে। 

author-image
Asomiya Pratidin
New Update
গড়গাঁও মহাবিদ্যালয়ৰ 'এ' গ্ৰেড লাভ

ডিজিটেল সংবাদ, গড়গাঁও : ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাস্থিত অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ে ‘নাক’ৰ চতুৰ্থ মূল্যায়নত 'এ' গ্রেড লাভ কৰিবলৈ সক্ষম হৈছে। নাকৰ মূল্যায়নত 'এ গ্রেড' লাভ কৰাত মহাবিদ্যালয়খনত আনন্দৰ জোৱাৰ উঠিছে। 

Advertisment

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিৎ শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী , ছাত্র-ছাত্রীকে ধৰি স্থানীয় ৰাইজ, শুভাকাংক্ষীসকলে হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰা মহাবিদ্যালয়খনৰ এই সফলতাত সন্তোষ প্রকাশ কৰিছে । উল্লেখ্য যে যোৱা ২৮ আৰু ২৯ মে'ত নাকৰ তিনিজনীয়া এটা দলে অনলাইন মাধ্যমেৰে মহাবিদ্যালয়খন মূল্যায়ন কৰিছিল।  

এই দুদিনীয়া মূল্যায়নত শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক, বিদ্যায়তনিক, গৱেষণা কৰ্ম আদি সকলো দিশ সামৰি লোৱা হৈছিল। গ্ৰাম্যাঞ্চলত অৱস্থিত মহাবিদ্যালয়খনৰ এই সফলতা নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ বুলি অধ্যক্ষ ড° সব্যসাচী মহন্তই মত প্ৰকাশ কৰে। 

তেখেতে এই সফলতাৰ বাবে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিৎ শইকীয়াৰ লগতে সকলো অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া, শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী, অভিভাৱক, স্থানীয় শুভাকাংক্ষী ৰাইজলৈ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে। মহাবিদ্যালয়খনে  বিদ্যায়তনিক, সহ-বিদ্যায়তনিক কৰ্ম,ভাৰতীয় জ্ঞান পৰম্পৰাৰ সৈতে জড়িত কৰ্ম , সামাজিক-সাংস্কৃতিক দায়িত্ববোধ আদি বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ ফলতে নাকৰ মূল্যায়নত 'এ গ্রেড' লাভ কৰিবলৈ সক্ষম হোৱা বুলি আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিৎ শইকীয়াই ব্যক্ত কৰে।

লগতে সকলো এই ক্ষেত্ৰত সকলো দিশতে সহায় সহযোগিতা আগবঢ়োৱা মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

গড়গাঁও মহাবিদ্যালয়