ত্ৰিপুৰা‌ সীমান্তৰ চোৰাইবৰীত তিনি কোটিৰ গাঞ্জা জব্দ...

ত্ৰিপুৰা‌ সীমান্তৰ চোৰাইবৰীত তিনি কোটিৰ গাঞ্জা জব্দ...
ত্ৰিপুৰা‌ সীমান্তৰ চোৰাইবৰীত তিনি কোটিৰ গাঞ্জা জব্দ...

ডিজিটেল সংবাদ, শিলচৰঃ কৰিমগঞ্জৰ চোৰাইবৰীত পুনৰ বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে। ত্ৰিপুৰাৰ পৰা হাৰিয়ানা অভিমুখী এখন ( পিবি ৬৫ এভি ৭৪৯৬ নম্বৰৰ) ৰবৰ ভৰ্তি ট্ৰাকৰ পৰা জব্দ কৰা হয় এই বুজন পৰিমাণৰ গাঞ্জা খিনি।

চোৰাইবৰী আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনব মিলিৰ নেতৃত্বত আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই ট্ৰাকখনৰ পৰা জব্দ কৰে গাঞ্জা ভৰ্তি ৪৪৯টা পেকেট। ৰবৰ বস্তাৰ ভিতৰত লুকুৱাই অনা হৈছিল হৈছিল গাঞ্জাৰ পেকেট কেইটা। পেকেট কেইটাৰ পৰা মুঠ

১৩১৭ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা গাঞ্জা খিনিৰ মুল্য প্ৰায় তিনি কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। গাঞ্জা খিনি ত্ৰিপুৰাৰ পৰা অসমৰ মাজেৰে হাৰিয়ানালৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ট্ৰাকৰ চালক আৰু সহ চালকে। আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহ চালক ক্ৰমে বলবীৰ সিং আৰু বিজয় কুমাৰ। দুয়োজনৰ ঘৰ পাঞ্জাবত। আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in