Advertisment

ৰঙাপৰাত যাত্ৰীবাহী ৰেলৰ পৰা  জব্দ প্ৰায় ৩ লাখ ১ হাজাৰ টকাৰ গাঞ্জা

ৰঙাপৰাৰ আৰ পি এফে এক গোপন সূত্ৰৰ আধাৰত গাঞ্জাখিনি যাত্ৰীবাহী ৰেলখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে অভিযানকাৰী দলটোৱে কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম নহ'ল। 

author-image
Asomiya Pratidin
New Update
gcvfv

ডিজিটেল সংবাদ,ৰঙাপৰাঃ  ৰঙাপৰাৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে পুনৰ জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা। আৰ পি এফে (RPF) জব্দ কৰে প্ৰায় ৩ লাখ ১ হাজাৰ টকা মূল্যৰ নিষিদ্ধ গাঞ্জা। ৰেলৱে সুৰক্ষা বাহিনীৰ বিজি-৩ৰ ৰঙিয়া সংমণ্ডলৰ আৰক্ষী বিষয়া সোহনলাল প্ৰধানৰ নেতৃত্বত যোৱা এটি দলে ১৫৬১৩ গুৱাহাটী-মুৰ্কংচেলেক উজনিমুৱা লাচিত এক্সপ্ৰেছত অভিযান চলাই দুটা ডবাৰ পৰা ৩০ কেজি ১০০ গ্ৰাম গাঞ্জা জব্দ কৰে। ৰঙাপৰাৰ আৰ পি এফে এক গোপন সূত্ৰৰ আধাৰত গাঞ্জাখিনি যাত্ৰীবাহী ৰেলখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে অভিযানকাৰী দলটোৱে কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম নহ'ল। 

ৰঙাপৰা