হেলেম আৰক্ষীৰ অভিযানঃ যাত্ৰীবাহী বাছৰ পৰা গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত চলোৱা অভিযানত আজি বিয়লি এখন যাত্ৰীবাহী বাছৰ পৰা গাঞ্জাসহ গ্ৰেপ্তাৰ হৈছে এজন গাঞ্জা সৰবৰাহকাৰী। 

author-image
Asomiya Pratidin
New Update
হেলেম আৰক্ষীৰ অভিযানঃ যাত্ৰীবাহী বাছৰ পৰা গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বিশ্বনাথ জিলাৰ হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত চলোৱা এক অভিযানত মঙলবাৰে বিয়লি প্ৰায় ৩-২০ বজাত এখন যাত্ৰীবাহী বাছৰ পৰা গাঞ্জাসহ গ্ৰেপ্তাৰ হৈছে এজন গাঞ্জা সৰবৰাহকাৰী। 

Advertisment

জানিব পৰামতে-তেজপুৰৰ পৰা লখিমপুৰ অভিমুখে যাত্ৰী কঢ়িয়াই অনা "বিজয়া" নামৰ যাত্ৰীবাহী বাছখনত গাঞ্জা কঢ়িয়াই অনা বুলি এক নিৰ্ভৰযোগ্য সুত্ৰে খবৰ লাভ কৰে আৰক্ষী বিষয়া পংকজ চিতলাই। ইয়াৰ পিছতে বুৰৈঘাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পংকজ চিতলাৰ নেতৃত্বত হেলেম আৰক্ষীৰ এটা দলে যান-বাহনৰ তালাচী চলাবলৈ আৰম্ভ কৰাৰ কিছু সময়ৰ পিছত উক্ত যাত্ৰীবাহী বাছখন আহি বুৰৈঘাটত উপস্থিত হয়। 

লগে লগে বাছখন ৰখাই তন্নতন্নকৈ তালাচী চলাই আৰক্ষীৰ দলটোৱে। উক্ত তালাচীৰ সময়ত আৰক্ষী বিষয়াগৰাকীয়ে সন্দেহ যুক্ত এটা মোনাত তালাচী কৰোতে উক্ত বেগটোৰ পৰা ৪.৮ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। লগে লগে গাঞ্জাখিনি জব্দ কৰাৰ লগতে উক্ত গাঞ্জা সৰবৰাহৰ লগত জড়িত শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা মিছামাৰীৰ বুদ্ধিমান তামাং(পিতা:-চাইলা তামাং)ক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে।

এইগৰাকী বুদ্ধিমান তামাঙেই উক্ত বাছখনেৰে গাঞ্জাখিনি লৈ অহা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। ধৃত বুদ্ধিমানৰ বিৰুদ্ধে যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে হেলেম আৰক্ষীয়ে। 

গহপুৰ গাঞ্জা সৰবৰাহকাৰী হেলেম