আজি বিশেষ দিনঃ মা গংগাক পূজা কৰিলে হ'ব বহু লাভ...

আজি বিশেষ দিনঃ মা গংগাক পূজা কৰিলে হ'ব বহু লাভ...

author-image
Asomiya Pratidin
New Update
আজি বিশেষ দিনঃ মা গংগাক পূজা কৰিলে হ'ব বহু লাভ...

ডিজিটেল ডেস্কঃ আজি ইংৰাজী ১৬জুন, ১আহাৰ শুক্ল পক্ষৰ দশমী তিথিৰ দিনটো কিয় বিশেষ আপুনি জানেনে! অসমত এই দিনটোক লৈ মানুহৰ বিশ্বাস আগ্ৰহ আৰু ব্যস্ততা নাথাকিলেও দেশৰ অন্ত প্ৰান্তত এই দিনটোত পূজা কৰা হয় মা গংগাক। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱা লৈকে মা গংগাক পূজা কৰা লোকসকল উপবাসে থাকে।

Advertisment

সন্ধিয়ালৈ আৰতি কৰা হয় গংগাক। বিশ্বাস কৰা হয়, মা গংগাক পূজা কৰিলে পিতৃপুৰুষ উদ্ধাৰ হয় আৰু দুৰাৰোগ্য ৰোগৰ পৰা বাচি থাকিব পাৰি। জনবিশ্বাস মতে, আজিৰ দিনটোতেই ভগীৰথৰ আহ্বানক্ৰমে আকাশৰ পৰা নামি অহা দ্ৰুতবেগী গংগা ধাৰণ কৰিছিল শিৱই জটাঁত। সেই জটাঁৰ ৰঘুকূল শিৰোমণি ভগীৰথে পৃথিৱীলৈ বোৱাই আনিছিল তেওঁৰ উপৰিপুৰুষৰ উদ্ধাৰ হেতু।

সেই জনবিশ্বাসৰ আধাৰতেই যুগ যুগ ধৰি পূজা কৰি অহা হৈছে মা গংগাক। এনে বিশ্বাসো আছে, বংশগত বহু দুৰাৰোগ্যৰ পৰা গংগা মাক পূজা কৰিলে পৰিত্ৰাণ পোৱা যায়। সেয়েহে লাখ লাখ ভক্তই আজি ভিৰ কৰে গংগা নদীৰ পাৰত। সন্ধিয়াভাগলৈ মা গংগাৰ আৰাধনাৰে মুখৰিত হৈ পৰে আকাশ বতাহ।

গংগা