/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জত দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উথাপিত হৈছে। মঙলবাৰে ভুক্তভোগীৰ পিতৃয়ে তেওঁৰ কন্যাক দলবদ্ধভাৱে ধৰ্ষণ কৰা অভিযাগত গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ৰেজাউল হক, আছিজুৰ হক, আছিকুৰ ৰহমান, আইয়ূব আলী, ওছমান আলীকে ধৰি মুঠ আঠ জন ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এজাহাৰ।
ভুক্তভোগীৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি, ৰেজাউল হকে তেওঁৰ বন্ধুক লগত লৈ তেওঁৰ কন্যাক ফোন যোগে মাতি লৈ দলৱদ্ধ ভাৱে ধৰ্ষণ কৰে। তেওঁৰ কন্যাক বাটৰ কাষত পেলাই থৈ যায় বুলিও এজাহাৰ খনত উল্লেখ কৰে পিতৃয়ে। পিছত স্থানীয় ৰাইজৰ সহায়ত অচেতন আৰু ৰক্তাক্ত অৱস্থাত ভুক্তভোগী যুৱতীগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰে ধুবুৰী চিকিৎসালয়ত। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। দলবদ্ধ ধৰ্ষণৰ পিছত লম্পট কেইজনে চোকা অস্ত্ৰ আৰু হাতেৰে সৰ্ব শৰীৰত যুৱতীগৰাকীক আঘাত কৰিছিল বুলিও এজাহাৰত উল্লেখ আছে।
ইফালে সমগ্ৰ ঘটনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি অভিযুক্ত ৰেজাউল হকে গৌৰীপুৰ আৰক্ষী থানাত উমৰ আলী আৰু তেওঁৰ কন্যাকে ধৰি প্ৰায় ৫ জন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ঘটনাই ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে। ৰেজাউল হকে জনায়, দলৱদ্ধ ধৰ্ষণৰ ঘটনাটো সম্পূৰ্ণ মিছা। উমৰ আলীৰ কন্যা মোৰ পত্নী আছিল। ২০১৭ চনত আমাৰ বিয়া হৈছিল। এই সংক্ৰান্তত থানাত পূৰ্বে গোচৰো হৈছিল বুলি ৰেজাউল হকে মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us