গৰু চোৰৰ গেঙক উৎখাত

চতিয়া অঞ্চলত কিছুদিন ধৰি গৰু চোৰৰ ঘটনাই সাধাৰণ কৃষক ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে। চলিত সপ্তাহত চতিয়া খনাগুৰি গাঁৱৰ তিনি গৰাকী কৃষকৰ গোহালিৰ পৰা একে নিশাই ৭ টাকৈ গৰু চুৰি হৈছিল।

author-image
Asomiya Pratidin
New Update
গৰু চোৰৰ গেঙক উৎখাত

গৰু চোৰৰ গেঙক উৎখাত

ডিজিটেল সংবাদ, জামুগুৰিহাট: চতিয়া অঞ্চলত কিছুদিন ধৰি গৰু চোৰৰ ঘটনাই সাধাৰণ কৃষক ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে। চলিত সপ্তাহত চতিয়া খনাগুৰি গাঁৱৰ তিনি গৰাকী কৃষকৰ গোহালিৰ পৰা একে নিশাই ৭ টাকৈ গৰু চুৰি হৈছিল। এই ঘটনাৰ পাছতে ৰাইজে গৰু চোৰৰ গেঙটোক অতি সোনকালেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল আৰক্ষীক ৷

ইয়াৰ পিছতে চতিয়া আৰক্ষীয়েও চোৰৰ বিৰূদ্ধে তীব্ৰ অভিযান চলাই অৱশেষত সদাইবৰা গাঁৱৰ মহিবুৰ চৰকাৰ, ডিপলোঙাৰ নুৰুল হক, ভূঞাপাৰাৰ আনোৱাৰ হুচেইন, টংগীয়াৰ মহেশ খোদাল, বলোৰাম মাঝি, চতিয়া ঘাঁহি গাঁৱৰ ছহিফুল ইছলাম, মেহবুব আলি নামৰ ৭ টাকৈ গৰু চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে গৰু চোৰৰ কবলৰ পৰা দুটাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গৰু চোৰৰ বৃহৎ চক্ৰটোক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ চতিয়া আৰক্ষীৰ সক্ৰিয় ভূমিকাত ৭টাকৈ গৰু চোৰক একেলগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

চতিয়া গৰু ব্যৱসায়ী গৰু সৰবৰাাহকাৰী গৰু চোৰ গৰু চুৰি