/asomiyapratidin/media/media_files/2025/07/13/1-2025-07-13-18-35-31.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: এজন উন্নাসিক যুৱক । নাম সঞ্জীৱ দাস । ঢকুৱাখনা নগৰৰ ভাটী হুজ গাঁওৰ বাসিন্দা দাস এওঁ পেছাত ঢকুৱাখনা পৌৰসভাৰ কৰ্মী আৰু পৌৰপতি ৰাজীৱ দাসৰ গাড়ী চালক ।
পৌৰপতি ৰাজীৱ দাসৰ গাৰ ছাটোৰ দৰে লাগি থকা এইজন উদণ্ড যুৱকৰ নেতৃত্বত এটা উন্মত্ত দলে এগৰাকী নিৰীহ ব্যক্তিক প্ৰাণনাশী আক্ৰমণ চলাই নগদ ৭০ হাজাৰ টকা কাঢ়ি নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
ঘটনাটো সংঘটিত হৈছিল ১১জুলাইৰ দুপৰীয়া । ঢকুৱাখনা নগৰৰ মাৰ্কেটিং চচাইটিত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান পম্পি ইলেকট্ৰনিকচত নিজৰ পেছাগত কামত গৈছিল ঢকুৱাখনাৰ ১নং বানটৌ গাঁওৰ এয়াৰটেল কৰ্মচাৰী দেৱজিৎ চমুৱা ।
একান্ত পেছাগত কামত ব্যৱসায়িক প্ৰতিষ্ঠানত চমুৱা উপস্থিত হোৱাৰ সময়তে মুখত অশ্ৰাব্য গালি গালাজেৰে হাতত হাতুৰী লৈ হঠাৎ আবিৰ্ভাৱ হয় পৌৰকর্মী সঞ্জীৱ দাসৰ নেতৃত্বত এটা প্ৰায় ২০ জনীয়া উন্মত্ত যুৱকৰ দল। কোনো কাৰণ নোহোৱাকৈ উন্মত্ত দলটোৱে নিৰীহ চমুৱাক হাতুৰীৰে মূৰত প্ৰচণ্ড প্ৰহাৰ কৰাৰ লগতে বেগত থকা কোম্পানীৰ নগদ ৭০হাজাৰ টকা কাঢ়ি লৈ বহু সময় ধৰি তাণ্ডৱ চলায়।
দলবদ্ধ প্ৰহাৰত গুৰুতৰ ভাবে আহত চমুৱাক সংজ্ঞাহীন অৱস্থাত ঢকুৱাখনাৰ চিকিৎসালয়লৈ নি ডিব্ৰুগড়ত উন্নত চিকিৎসা প্ৰদানৰ পাছত শনিবাৰে ঘৰলৈ অনা হয়। দেওবাৰে সংবাদ মাধ্যমৰ আগত নিৰপৰাধী ভুক্তভোগী যুৱক চমুৱাই এই সন্দৰ্ভত অৱগত কৰি ঢকুৱাখনা সদৰ থানাত উন্নাসিক পৌৰকৰ্মী সঞ্জীৱ দাস সহ অন্য সকলৰ বিৰূদ্ধে এক গোচৰ ৰুজু কৰিছে বুলি জনালে।
ঢকুৱাখনা পৌৰসভাৰ কাৰ্য্যালয়ৰ এগৰাকী অস্থায়ী কৰ্মীৰ নেতৃত্বত কৰ্মসময়ত সংঘটিত কৰা এই নৃশংস আক্ৰমণৰ কাৰণ সন্দৰ্ভত জনোৱা মতে এয়াৰতেল পেমেণ্ট বেংকত একাউণ্ট খুলিবলৈ পম্পি ইলেকট্ৰনিকচলৈ অহা এগৰাকী মহিলাই পৰ্যাপ্ত নথিপত্ৰৰ অভাৱত বিমুখ হৈ উভতি যোৱাক কেন্দ্ৰ কৰি একাংশ উদণ্ড যুৱকক লৈ তাণ্ডৱ চলালে সঞ্জীৱ দাস আৰু ভেৰণীয়া উন্মত্ত যুৱকৰ দলটোৱে।
সেই সময়ত উপস্থিত হোৱা দেৱজিৎ চমুৱাক পম্পি ইলেকট্ৰনিকচৰ কৰ্মচাৰী গণ্য কৰি সঞ্জীৱ দাসৰ নেতৃত্বত ভেৰণীয়া বাহিনীয়ে প্ৰতিষ্ঠানত তাণ্ডৱ চলোৱাৰ লগতে প্ৰাণনাশী আক্ৰমন কৰি চমুৱাক গুৰুতৰ ভাবে জখম কৰে। উন্মত্ত দলৰ উপৰ্যুপৰি প্ৰহাৰত মূৰত ৫ টা চিলাই লৈ সম্প্ৰতি শৰ্য্যাসায়ী এইজন নিৰীহ যুৱক।
ইপিনে ৰাজহুৱা স্থানত উত্তেজনা সৃষ্টি কৰা, সাধাৰণ নাগৰিকৰ জীৱন বিপদাপন্ন কৰা আৰু গধুৰ সামগ্ৰীৰে প্ৰাণনাশী আক্ৰমণ কৰা সন্দৰ্ভত ইতিমধ্যে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত এক গোচৰৰ মূল অভিযুক্ত সঞ্জীৱ দাসক আটক কৰা হৈছে। কিন্তু পৌৰপতি ৰাজীৱ দাসৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে অভিযুক্ত দাসক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে।
তাৰোপৰি অন্য আক্ৰমণকাৰী সকলকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই তদন্তকাৰী আৰক্ষী। ইপিনে এগৰাকী পৌৰকৰ্মীৰ বিৰুদ্ধে জামিনবিহীন ধাৰাৰ গোচৰ পঞ্জীয়ন হোৱা, আটক হোৱা আৰু পৌৰ এলেকাত ৰাজহুৱা অশান্তি বিয়পোৱাৰ পাছতো নিচ্ছুপ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া আৰু ঢকুৱাখনা সমজিলা আয়ুক্ত । কেৱল পৌৰপতিৰ ঘনিষ্ঠ হোৱাৰ বাবেই আৰক্ষী আৰু সাধাৰণ প্ৰশাসনে দুৰ্বল ভূমিকা পালি অহা বুলি ঢকুৱাখনাৰ হাটে বাটে চর্চা চলিছে।