/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/28c392f3-6d4c-4883-808f-138372ae18c3/GANESH.jpg)
দেশৰ সৰ্বত্ৰে সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ ব্যাপক আয়োজন...
ডিজিটেল ডেস্কঃ আজি গণেশ চতুৰ্থী। সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন স্থানতো সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন গণেশ মন্দিৰত ভিৰ কৰিছে ভক্তগণে।
সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ পৰা ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। গুৱাহাটীৰ গণেশ মন্দিৰ সমূহতো পুৱাৰে পৰা দেখা গৈছে ভক্তৰ ভিৰ।
গণেশগুৰি গণেশ মন্দিৰৰ পৰা আদি কৰি নিউ গুৱাহাটীৰ গনেশ মন্দিৰতো পুৱাই সিদ্ধিদাতাৰ পূজা-অৰ্চনাত ব্যস্ত হ'ল অগণন ভক্ত।
কেৱল মন্দিৰতে নহয়, দেশৰ প্ৰায় বিলাক ব্যৱসায়িক প্ৰতিস্থান আদিতো গণেশ চতুৰ্থী উদযাপনৰ ব্যাপক যো–জা চলিছে। ইফালে মায়ানগৰী মুম্বাইত গণেশ চতুৰ্থীক লৈ দেখা গৈছে উখল-মাখল পৰিৱেশ।
১০ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই উৎসৱত চামিল হৈছে সৰ্বস্তৰৰ জনতা। বলিউডৰ কলা-কুশলীৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈ সকলোৰে মাজত গণেশ চতুৰ্থীক লৈ পাৰাপাৰহীন আনন্দ।
দক্ষিণ মুম্বাইৰ লালবাগছা ৰাজাৰ ১২ ফুট উচ্চতাৰ গণেশৰ এটা মূৰ্তি উন্মোচন কৰা হৈছে। এই মূৰ্তিটোক লৈ আছে পূৰ্বৰে পৰা বিশেষত্ব। গণেশ চতুৰ্থী উপলক্ষে মুম্বাইত যিসমূহ আটকধুনীয়া গণেশৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় তাৰ ভিতৰত আটাইতকৈ বিখ্যাত আৰু শ্ৰদ্ধাৰ প্ৰতিমূৰ্তি হিচাপে বিবেচিত হৈ আহিছে লালবাগচা ৰাজাৰ এই প্ৰতিমূৰ্তিটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2a39cd54-de0e-4f71-a37f-8ab2e41919a7/ASSIGNMENT_NAME_IN_BRIEF_3_1695022762144_1695023571677.avif)