/asomiyapratidin/media/media_files/2025/06/08/wZ6eeTmhJwzMlCheObcx.jpg)
গণ সুৰক্ষা পাৰ্টিৰ বিশেষ সভা
ডিজিটেল সংবাদ, বাক্সা: বিটিআৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান মাহ বাকী। এই সময়ছোৱাত বিটিআৰ দখলৰ প্ৰচেষ্টাৰে ৰাজনৈতিক দলসমূহৰ মাজত দেখিবলৈ পোৱা গৈছে এক যুদ্ধকালীন তৎপৰতা। বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ সমান্তৰালকৈ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিয়েও নিৰ্বাচনক লৈ টঙালি বান্ধিছে ।
দেওবাৰে বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডুমুনীত গণ সুৰক্ষা পাৰ্টিৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। এই সভাত বিভিন্ন ৰাজনৈতিক দলৰ বহু শতাধিক পুৰুষ মহিলাই গণ সুৰক্ষা পাৰ্টিৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কাৰ্যসূচীৰ অন্তত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁলোকে সদৰি কৰে যে, "আমি আগতে যি দলত আছিলো, তেওঁলোকে আমাৰ কোনো কামে কৰি দিবলৈ সক্ষম নহ'ল। যাৰ পৰিপ্ৰেক্ষিতত আমি আজি এই দলটোত যোগদান কৰিবলৈ বাধ্য হলো। আমি আশা কৰিম যাতে এই দলটোৱে আমাৰ মনৰ অনুভৱ বুজি আমাৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখে।"
ইফালে গণ সুৰক্ষা পাৰ্টিৰ দিহিৰা ব্লক কমিটীৰ সাধাৰণ সম্পাদক যাদৱ দাসে উল্লেখ কৰে যে, "এইবাৰ দিহিৰাত তৃতীয় বাৰৰ কাৰণে ঘনশ্যাম দাসৰ বিজয় নিশ্চিত। কাৰণ ঘনশ্যাম দাসেই বিটিচিৰ একমাত্ৰ পাৰিষদ যিয়ে বিটিচিত বসবাস কৰা অবড়ো সকলৰ দুখ বুজি পায়। গতিকে এইবাৰো তেওঁ দিহিৰাৰ পৰা বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ব" বুলি মন্তব্য কৰে।