/asomiyapratidin/media/media_files/2025/04/09/9VnGHFMjmt5jQT6PxBhU.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : বিগত বছৰসমূহৰ দৰে এইবাৰো ৰঙালী বিহুৰ প্ৰাকক্ষণত শিৱসাগৰ চহৰত অনুষ্ঠিত কৰা হৈছে 'গামোচা মেলা' ২০২৫ ৷ থলুৱা শিপিনীক উৎসাহিত কৰাৰ লগতে এখন বজাৰ দিয়াৰ লক্ষ্যৰে এই গামোচা মেলাৰ আয়োজন কৰা হৈছে ৷ শিৱসাগৰ চহৰৰ কেন্দ্ৰীয় বজাৰৰ কাষৰ লাচিত পার্কৰ সমন্মুখত এই গামোচা মেলা অনুষ্ঠিত কৰা হৈছে।
হস্ততাঁত আৰু বস্ত্র শিল্প বিভাগৰ সহকাৰী সঞ্চালক ইন্দ্র মোহন নাথে মঙলবাৰে এই গামোচা মেলা আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ গামোচা মেলা মুকলি কৰি ইন্দ্ৰ মোহন নাথে কয় যে, থলুৱা শিপিনীৰ লগত গ্ৰাহকৰ মতবিনিময় কৰা সুযোগ গামোচা মেলাই প্ৰদান কৰিব ৷ গামোচা বিক্ৰী হ’লে শিপিনীসকল উৎসাহিত হোৱাৰ লগতে আমাৰ থলুৱা বস্ত্ৰ আৰু হস্ততাঁত শিল্প ৰক্ষা পৰিব ৷
/asomiyapratidin/media/media_files/2025/04/09/ZJ0rziynVrv4qp3gwCVa.jpg)
উল্লেখযোগ্য যে, ১৩ এপ্ৰিললৈকে গামোচা মেলাত বিক্ৰীৰ ব্যৱস্থা অব্যাহত থাকিব ৷ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত আৰু আমগুৰি গাঁও বোৱা-কটা সমবায় সমিতিৰ উদ্যোগত গামোচা মেলা অনুষ্ঠিত কৰা হৈছে ৷
উল্লেখ্য যে অসমীয়া সমাজত গামোচাই যুগে যুগে সমাদৰ লাভ কৰি আহিছে ৷ অসমীয়াই বিহু, বিয়া, ভাওনা, ভাগৱত পাঠ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সভা সমিতিলৈকে সকলো অনুষ্ঠানতেই গামোচা ব্যৱহাৰ কৰি আহিছে ৷ গামোচা প্ৰস্তুত প্ৰক্ৰিয়াৰ লগত হেজাৰ হেজাৰ অসমীয়া শিপিনী জড়িত হৈ আছে ৷ হ’লেও যোৱা কিছু বছৰৰ পৰা অসমীয়া শিপিনীয়ে নিজহাতে তাঁতশালত বৈ উলিওৱা ফুলাম গামোচা আৰু এই ক্ষুদ্ৰ উদ্যোগলৈ বিপৰ্যয় নামি আহিছে ৷
একাংশ বেপাৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মেচিনত প্ৰস্তুত কৰা লাখ লাখ গামোচা অসমলৈ আনি আমাৰ দোকান বজাৰত মেলি দিছে ৷ যিবোৰ গামোচাৰ মূল্য হস্তনিৰ্মিত গামোচাতকৈ যথেষ্ট কম হোৱাৰ বাবে মানুহে কম মূল্যত সহজলভ্য বাহিৰৰ গামোচা ক্ৰয় কৰিছে ৷ এই গামোচাৰ নামত অসমৰ পৰা কোটি কোটি টকা বাহিৰলৈ ওলাই গৈছে ৷
ইফালে গ্ৰাহক আৰু বজাৰৰ অভাৱত আমাৰ শিপিনীৰ হাতৰ পৰশত জকমকাই থকা পৰম্পৰাগত গামোচা উদ্যোগলৈ অন্ধকাৰ নামি আহিছে ৷ শিৱসাগৰ ৰংঘৰ চাৰিআলিৰ সমীপৰ আমগুৰি গাঁৱৰ সচেতন ব্যক্তি ৰুবুল আহমেদে আমগুৰি গাঁও বোৱাকটা সমবায় সমিতিৰ উদ্যোগত গামোচা উৎপাদন কৰি গামোচা মেলাৰ যোগেদি বিক্ৰী কৰি আহিছে ৷
/asomiyapratidin/media/media_files/2025/04/09/7U501GmQVPAMTnaV34yh.jpg)
সমবায় সমিতিখনৰ সম্পাদক ৰুবুল আহমেদে ব্যক্ত কৰা অনুসৰি তেওঁ ২০১৮ চনৰে পৰা গামোচা মেলাৰ আয়োজন কৰি আহিছে । ৰঙালী আৰু ভোগালী বিহুৰ প্ৰাকক্ষণত অনুষ্ঠিত কৰা গামোচা মেলাৰ প্ৰতি জনসাধাৰণে যথেষ্ট সহাৰি প্ৰদৰ্শন কৰি আহিছে ৷
গামোচা মেলাই থলুৱা শিপিনীক এখন বজাৰ দিছে ৷ যি বজাৰত শিপিনীয়ে গ্ৰাহকক পোনপটীয়াকৈ গামোচা বিক্ৰী কৰাৰ সুযোগ লাভ কৰিছে ৷ গামোচা মেলাত গামোচাৰ লগতে আমাৰ পৰম্পৰাগত ৰিহা, মেখেলাচাদৰ, ধূতি আদিও মজুত ৰখা হৈছে ৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত গামোচা মেলালৈ জনসাধাৰণে সহাৰি জনোৱা পৰিলক্ষিত হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us