/asomiyapratidin/media/media_files/2025/07/15/1-2025-07-15-12-23-05.jpg)
ডিজিটেল সংবাদ, শিলচৰ: অৱশেষত সুদীৰ্ঘ দুমাহ বন্ধ থকাৰ পিছত আজিৰে পৰা মুকলি কৰি দিয়া হ'ব বৰাক উপত্যকাৰ গেমন সেতু। আজি দুপৰীয়া ১২ বজাত পৰীক্ষা মুলক ভাবে লঘু যানবাহন আৰু যাত্ৰীবাহী বাছ সমুহ গেমন সেতুৰে চলাচল কৰিব। ইয়াৰ পাচ দিন পিচত মালবাহী ট্ৰাক আৰু অন্যান্য গধুৰ যানবাহন সমুহ চলাচলৰ অনুমতি দিয়া হ'ব।
সোমবাৰে গেমন সেতু পৰিদৰ্শন কৰি বৰাক উন্নয়ণ বিভাগৰ মন্ত্ৰী কৌশিক ৰাই আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। গেমন সেতু মেৰামতিৰ বাবে যোৱা ২০ মে' ৰ পৰা বন্ধ হৈ পৰিছিল বৰাক উপত্যকাৰ লাইফ লাইন হিচাপে বিবেচিত বদৰপুৰ- জোৱাই - গুৱাহাটী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ।
ফলত বৰাকৰ লগতে চুবুৰীয়া ৰাজ্য মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা দেশৰ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হৈ পৰিছিল। বৰাকৰ গুৰুত্বপূৰ্ণ এই গেমন সেতু মেৰামতিৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে অহৰ্নিশেই চেষ্টা চলাই আছিল। সেতু মেৰামতিৰ কাম চোৱা-চিতা কৰিবলৈ বৰাকৰ দুই মন্ত্ৰী কৌশিক ৰাই আৰু কৃষ্ণেন্দু পালক দায়িত্ব দিছিল মুখ্যমন্ত্ৰীয়ে ।
আনকি, ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাকো গেমন সেতুৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে কাটিগৰালৈ পঠোৱা হৈছিল। পূৰ্বৰ নিৰ্ধাৰিত সময় মতে,অহা ২০ জুলাইৰ পৰা সেতু খন মুকলি কৰাৰ কথা আছিল যদিও ইয়াৰ ৫ দিন পুৰ্বে অৰ্থাৎ আজিৰে পৰা গেমন সেতু লঘু যানবাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হ'ব।
ইফালে, ডাম্পাৰ সহ যি বোৰ বাহনৰ বডী অতিৰিক্ত বঢ়াই অ'ভাৰ লোড বোজা বহন কৰে, তেনে গাড়ী সমুহৰ অতিৰিক্ত অংশ খুলি পেলাবলৈ পৰিবহন বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিয়া বুলিও সদৰী কৰে মন্ত্ৰী কৌশিক ৰাই আৰু কৃষ্ণেন্দু পালে।