গোৱালপাৰাৰ কছাৰীঘাটত নাওখেলৰ আলমত জুৱাৰ মেলাঃ উদ্দাম নৃত্যৰে সাংস্কৃতিক অনুষ্ঠান...

goalpara
goalpara

ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰাৰ কছাৰী ঘাটতত নাওখেলৰ নামত চলিছে ব্যাপক জুৱা। গোৱালপাৰা আৰক্ষী নাকৰ তলত বৃহস্পতিবাৰৰ সন্ধিয়াৰে পৰা চলি থকা জাণ্ডি- মুণ্ডি(ডাইচ)ৰ জুৱা খেলত উবুৰি খাই পৰিছে অংখ্য লোক।

জানিব পৰা মতে, আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা কছাৰী ঘাটত আৰম্ভ হোৱা নাওখেল প্ৰতিযোগিতাৰ পৰিচালনা সমিতিয়ে সন্ধিয়াৰে পৰা কছাৰী ঘাটত আয়োজন কৰিছে এক সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী।এই কাৰ্যসূচীৰ সমান্তৰালকৈ নাওখেল পৰিচালনা সমিতিৰ লগত গোপন বুজাবুজিৰে 'আলম' নামৰ মধ্যভোগী জুৱাৰীজনে নিজ পৃষ্ঠপোষকতাত চামিয়ানা আঁৰি চলাইছে চাৰিখনকৈ জাণ্ডি-মুণ্ডাৰ জুৱা।

টাউন আৰক্ষী চকীৰ পৰা মাত্ৰ ২০০ মিটাৰ কাষত চলি থকা এই ব্যাপক জুৱাৰ মেলাক লৈ আৰক্ষীয়েও নীৰৱ ভূমিকা লোৱা পৰিলক্ষিত হৈছে।সচেতন ৰাইজৰ অভিযোগ মতে,নাওখেল পৰিচালনা কৰা মঞ্চত সন্ধিয়াৰে পৰা চলি থকা সাংস্কৃতিক কাৰ্যসূচীত উদ্দাম, অশ্লীল নৃত্য চলি আছে।

নাওখেল প্ৰতিযোগিতাৰ আলমত ওৰে নিশা চলিবলগীয়া এই জুৱাখেল আৰু অশ্লীল নৃত্যক লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in