'গেলেক্সি চিমেন্ট'ৰ তৰফৰ পৰা বটদ্ৰৱা থানক ডাষ্টবিন প্ৰদান...

ব্যৱসায়ী প্ৰতিষ্ঠান 'গেলেক্সি চিমেন্ট'ৰ তৰফৰ পৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ ২০ টা ডাষ্টবিন প্ৰদান কৰা হয়।  গেলেক্সি চিমেন্টৰ উত্তৰ পূৱৰ মহা প্ৰবন্ধক(General manager) নিপু হালৈ, নগাঁও

author-image
Asomiya Pratidin
New Update
jjjrrr

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ব্যৱসায়ী প্ৰতিষ্ঠান 'গেলেক্সি চিমেন্ট'ৰ তৰফৰ পৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ ২০ টা ডাষ্টবিন প্ৰদান কৰা হয়। 

গেলেক্সি চিমেন্টৰ উত্তৰ পূৱৰ মহা প্ৰবন্ধক(General manager) নিপু হালৈ, নগাঁও জিলাৰ উপ প্ৰবন্ধক সমীৰণ ডেকা, অভিজিৎ পাঠক, সঞ্জীৱ বৰুৱা, সঞ্জীৱ ৰয় বিট্টু সেনকে আদি কৰি কৰ্মকৰ্তা সকল বটদ্ৰৱা থানত উপস্থিত হৈ থান চৌহদক সুন্দৰ কৰাৰ প্ৰচেষ্টাৰে তথা থান চৌহদৰ স্বচ্চতাৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামী আৰু কাৰিকৰী সভাপতি গোবিন দাসকে আদি কৰি সদস্য সকলৰ উপস্থিতিত ২০ টা ডাষ্টবিন প্ৰদান কৰা হয়।

 ইফালে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে গেলেক্সি চিমেন্ট'ৰ কৰ্মকৰ্তা সকলক গামোছাৰে আদৰণি জনাই।

বটদ্ৰৱা বটদ্ৰৱা থান