/asomiyapratidin/media/media_files/2025/01/22/SbTCSZFXBj7eb6jaFDIC.png)
ড০ লীনা শইকীয়ালৈ আগবঢ়োৱা হ’ব ‘গজেন্দ্ৰ নাথ চহৰীয়া সোঁৱৰণী শিশু সাহিত্য বঁটা’
ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলা সাহিত্য সভাৰ গজেন্দ্ৰ নাথ সোঁৱৰণী শিশু সাহিত্য বঁটাৰ বাবে অৱসৰপ্ৰাপ্ত মেজৰ ড০ লীনা শইকীয়াক নিৰ্বাচিত কৰা হৈছে। মঙ্গলবাৰে দৰং জিলা সাহিত্য সভাৰ কৰ্মধাৰ আৰু ন্যাসৰ সমিতিৰ সভাত ন্যাস সমিতিৰ উচ্চস্তৰীয় বাচনি সমিতিয়ে ২০২৩-২০২৫ বৰ্ষৰ দৰং জিলা সাহিত্য সভাৰ গজেন্দ্ৰ নাথ সোঁৱৰণী শিশু সাহিত্য বঁটা বাবে ডঃ লীনা শইকীয়াৰ নাম ঘোষণা কৰে।
উল্লেখযোগ্য যে মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, অৱসৰপ্ৰাপ্ত মেজৰ ড০ লীনা শইকীয়াই শিশু উপযোগী ১৯ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰি শিশু সাহিত্যৰ পথাৰ সমৃদ্ধ কৰিছে। প্ৰাণীৰ আমোদজনক আচৰণ আৰু কৌশল, বীৰ বীৰাঙ্গনাৰ কাহিনী, প্ৰাণী, পৰিবেশ আৰু মানুহ, নানা দেশৰ নানাৰঙী সাধু, বিভিন্ন পৰিৱেশত প্ৰাণীৰ অভিযোজন, স্মৃতিৰ ৰ'দ কাচলিত, সূৰ্য উঠা দেশ আৰু ড্ৰগনৰ দেশত এভুমুকি, কেইটামান বিদেশী সাধু, থোৰতে আমাৰ শৰীৰটো আদি শিশু উপযোগী বিষয়ক লৈ ড০ শইকীয়াই গ্ৰন্থ ৰচনা কৰিছে।
জিলা সাহিত্য সভাৰ গজেন্দ্ৰ নাথ চহৰীয়া সোঁৱৰণী শিশু সাহিত্য বঁটা বঁটাৰ বাবে ডঃ লীনা শইকীয়াৰ নাম বাচনি কৰাত জিলাৰ সাহিত্যসেৱীসকল উৎসাহিত হৈছে। উল্লেখযোগ্য ২৭, ২৮ আৰু ২৯ জানুৱাৰী ২০২৫ অনুষ্ঠিত হ’বলগীয়া দৰং জিলা সাহিত্য সভাৰ ৪৮ সংখ্যক দলগাঁও পূৰ্ণাংগ অধিবেশনৰ মুকলি আৰু বঁটা বিতৰণী সভাত এই বঁটা প্ৰদান কৰা হ'ব।